ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৬০ সংখ্যক মেচত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক ১০ উইকেটত পৰাস্ত কৰে । এই জয়েৰে গুজৰাটে ১২খন মেচত ১৮ পইণ্ট লাভ কৰি এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে । গুজৰাটে প্লে অফৰ বাবেও যোগ্যতা অৰ্জন কৰিছে । ইয়াৰ লগতে আৰ চি বি আৰু পঞ্জাৱ দলৰ প্লে অফৰ টিকটো নিশ্চিত হৈছে । কিন্তু ৪ নম্বৰৰ বাবে মুম্বাই আৰু দিল্লীৰ মাজত হৈছে কঠিন যুঁজ ।
পইন্ট টেবুলৰ অৱস্থা-
১২খন মেচৰ পৰা ১৮ পইণ্ট লাভ কৰি শীৰ্ষস্থান দখল কৰি গুজৰাট দলে প্লে অফলৈ যোগ্যতা অৰ্জন কৰিছে । একে সময়তে আৰ চি বিয়ে ১২খন মেচত ১৭ পইণ্ট লাভ কৰাৰ লগতে প্লে অফতো নিজৰ স্থান নিশ্চিত কৰিছে । পঞ্জাৱেও ১২খন মেচত ১৭ পইণ্ট লাভ কৰিছে আৰু তেওঁলোকও প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে । এতিয়া ৪ নম্বৰৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে । মুম্বাই দলে ১২খন খেলত ১৪ পইণ্ট লাভ কৰাৰ বিপৰীতে দিল্লীয়ে ১২খন খেলৰ পৰা ১৩ পইণ্ট লাভ কৰিছে । অৰ্থাৎ এতিয়া দিল্লী আৰু মুম্বাইৰ মাজত যুঁজ হৈছে । কিন্তু মুম্বাইৰ ৰান ৰেট ভাল । অৰ্থাৎ বাকী দুখন মেচত প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ দুয়োটা দলে মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব লাগিব ।
𝗡𝗲𝘅𝘁 𝗦𝘁𝗼𝗽: 𝗣𝗹𝗮𝘆𝗼𝗳𝗳𝘀 📍
— IndianPremierLeague (@IPL) May 18, 2025
Led by Shubman Gill, the 𝙂𝙪𝙟𝙖𝙧𝙖𝙩 𝙏𝙞𝙩𝙖𝙣𝙨 have made it to their third Top 4️⃣ finish in four years 🔥#GT fans, 2️⃣nd title loading? 🤔#TATAIPL | #DCvGT | @gujarat_titans pic.twitter.com/uJSCIFt9ub
ইফালে চেন্নাই, ৰাজস্থান, হায়দৰাবাদ আৰু কে কে আৰ প্লে অফৰ দৌৰৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈছে । একে সময়তে লক্ষ্ণৌ দলে ১১খন খেলৰ পৰা ১০ পইণ্ট লাভ কৰিছে । অৰ্থাৎ দলটোৰ এতিয়াও ৩ খন মেচ বাকী আছে । লক্ষ্ণৌ প্লে অফৰ দৌৰত আছে যদিও বাকী সকলো খেলতে জয়ী হ’ব লাগিব আৰু লগতে দিল্লী আৰু মুম্বাই দুয়োখন মেচতে পৰাস্ত হোৱাৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব ।
যদি মুম্বাই দুয়োখন মেচতে জয়ী হয় আৰু দিল্লীয়েও দুয়োখন মেচতে জয়লাভ কৰে, তেন্তে উন্নত ৰান ৰেটৰ ভিত্তিত মুম্বাই ইণ্ডিয়ানছে যোগ্যতা অৰ্জন কৰিব । একে সময়তে দিল্লী আৰু মুম্বাই এখনকৈ মেচত পৰাস্ত হ’লেও মুম্বাই দলে যোগ্যতা অৰ্জন কৰিব । এনে পৰিস্থিতিত প্ৰথমে দুয়োটা দলে নিজৰ বাকী থকা মেচত জয়ী হ’ব লাগিব আৰু দিল্লীয়ে মেচত ডাঙৰ ব্যৱধানত জয়ী হ’ব লাগিব ।