পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশৰ এখন বজাৰৰ সমীপত এক ভংয়কৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে। এই বোমা বিস্ফোৰণত চাৰিজন লোক নিহত হোৱাৰ লগতে ২০ জন আহত হয়।
জানিব পৰা মতে দেওবাৰে বেলুচিস্তানৰ কিল্লা আব্দুল্লাহ জিলাৰ জব্বাৰ মাৰ্কেটৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ, যাৰ বাবে বহু অট্টালিকাৰ যথেষ্ট ক্ষতিসাধন হয়।
বিস্ফোৰণটোৰ পিছত অঞ্চলজুৰি আতংক বিয়পি পৰে। বিস্ফোৰণৰ পিছত কেইবাখনো দোকান ভাঙি পৰাৰ লগতে বহু প্ৰতিষ্ঠানত জুইত জাঁহ যায়।
এই বজাৰখন ফ্ৰন্টিয়াৰ কৰ্পছ (এফ চি) দুৰ্গৰ পিছফালৰ বেৰৰ ওচৰত আছিল। বিস্ফোৰণৰ পিছতে অচিনাক্ত আক্ৰমণকাৰী আৰু এফ চিৰ জোৱানৰ মাজত গুলীচালনাও সংঘটিত হয়। বিস্ফোৰণৰ পিছত কৰ্তৃপক্ষই অঞ্চলটো ছীল কৰি অনুসন্ধান আৰম্ভ কৰিছে।









