শনিবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ জৰিয়তে পুনৰ আৰম্ভ হ’ব আই পি এল ২০২৫ৰ উত্তেজনা । ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা উত্তেজনাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আই পি এল ২০২৫ এসপ্তাহ পিছুৱাই দিছিল যদিও যুদ্ধবিৰতি ঘোষণাৰ পিছত ব’ৰ্ডে সংশোধিত সূচী প্ৰকাশ কৰে ।
বাকী আছে ১৭খন মেচ-
এতিয়া আই পি এল ২০২৫ত ১৭খন মেচ অনুষ্ঠিত হ’ব, ইয়াৰে ১৩খন গ্ৰুপ ষ্টেজ আৰু ৪খন প্লে অফ মেচ । ২২ মাৰ্চৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত ডিফেণ্ডিং চেম্পিয়ন কে কে আৰ আৰু আৰ চি বিৰ মাজত অনুষ্ঠিত হৈছিল আই পি এল ২০২৫ৰ ছিজন । শেষ পৰ্যায়ত চলি আছিল আই পি এল ২০২৫ ছিজন । বৃহস্পতিবাৰে বাতিল হোৱা পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হোৱা মেচখনকে ধৰি এই ছিজনত এতিয়ালৈকে মুঠ ৫৮খন মেচ অনুষ্ঠিত হৈছে । অৱশ্যে বি চি চি আইয়ে দিল্লী আৰু পঞ্জাৱৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখন পুনৰ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে ।
শীৰ্ষত গুজৰাট-
পইণ্ট টেবুলৰ কথা ক’বলৈ গ’লে আই পি এল ২০২৫ ছিজন পিছুৱাই নিদিয়ালৈকে পইণ্ট টেবুলৰ শীৰ্ষত আছিল গুজৰাট টাইটানছ । ১১খন মেচত ৮ খনত জয় আৰু ৩ খনত পৰাজয়ৰ সৈতে ১৬ পইণ্টেৰে প্ৰথম স্থানত আছে গুজৰাট । দ্বিতীয় স্থানত আছে আৰ চি বি যিয়ে একে সংখ্যক মেচত গুজৰাটৰ সমান পইণ্ট লাভ কৰিছে । তৃতীয় স্থানত পঞ্জাব, চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছ । চেন্নাই ছুপাৰ কিংছ (চি এছ কে), ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে দিল্লী কেপিটেলছ, কে কে আৰ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে এতিয়াও প্লে অফৰ আশা সজীৱ কৰি ৰাখিছে ।
প্লে অফৰ সমীকৰণঃ
গুজৰাট টাইটানছ-
গুজৰাট টাইটানছ প্লে অফৰ অতি ওচৰ চাপিছে আৰু প্লে অফত স্থান নিশ্চিত কৰিবলৈ বাকী তিনিখনৰ মাত্ৰ এখন মেচত জয়ী হ’ব লাগিব । যদি দলটোৱে দুখন মেচত জয়লাভ কৰাত সফল হয়, তেন্তে টেবুলৰ শীৰ্ষ দুটা স্থানত নিজৰ স্থান নিশ্চিত কৰিব পাৰিব । ইয়াৰ ফলত দলটোৱে ফাইনেলত প্ৰৱেশৰ দুটা সুযোগ লাভ কৰিব ।
আৰ চি বি-
অন্তিম চাৰিত প্ৰৱেশৰ বাবে আৰ চি বি শক্তিশালী প্ৰতিদ্বন্দ্বী আৰু এতিয়াও তিনিখন মেচ বাকী আছে । যদিহে আৰ চি বিয়ে তিনিখন মেচৰ ভিতৰত এখন মেচতো জয়ী হয় তেন্তে প্লে অফত নিজৰ স্থান নিশ্চিত কৰিব । তিনিওখন মেচতে জয়লাভ কৰি আৰ চি বি দলে শীৰ্ষ দুটা স্থানত দখল কৰিব পাৰে ।
পঞ্জাৱ কিংছ-
২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে প্লে অফত প্ৰৱেশৰ ওচৰ চাপিছে পাঞ্জাব কিংছ । পাঞ্জাবৰ তিনিখন মেচ বাকী আছে আৰু যদি তিনিওখন মেচতে জয়ী হ’বলৈ সক্ষম হয় তেন্তে ইয়াৰ ২১ পইণ্ট থাকিব আৰু শীৰ্ষ দুটা স্থান নিশ্চিত কৰিব পাৰিব । একে সময়তে দুখন মেচত জয়লাভ কৰিলেও প্লে অফলৈ যাব পাৰিব । কিন্তু পঞ্জাবে তিনিখন মেচৰ ভিতৰত এখন মেচত জয়ী হ’বলৈ সক্ষম হ’লেও সেয়া নিৰ্ভৰ কৰিব লাগিব নেট ৰান ৰেটৰ লগতে আন দলৰ ফলাফলৰ ওপৰত ।
মুম্বাই ইণ্ডিয়ানছ-
প্লে অফলৈ যাবলৈ হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে দুয়োখন লীগ মেচতে জয়লাভ কৰিব লাগিব । ইয়াৰ জৰিয়তে ১৮ পইণ্ট লাভ কৰি প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব । কিন্তু দুখন মেচৰ ভিতৰত এখনো মেচত পৰাস্ত হ’লে বহু বাধাৰ সন্মুখীন হ’ব লাগিব আৰু আন দলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ।
দিল্লী কেপিটেলছ-
বৰ্তমান দিল্লী কেপিটেলছৰ ১১খন মেচত ১৩ পইণ্ট আছে আৰু প্লে অফৰ আশা জীয়াই ৰাখিবলৈ তিনিখন মেচৰ ভিতৰত কমেও দুখন খেলত জয়লাভ কৰিব লাগিব । অৱশ্যে আগন্তুক পথ তেওঁলোকৰ বাবে সহজ নহ’ব কিয়নো দিল্লীৰ এতিয়া পইণ্ট তালিকাত ভাল স্থানত থকা গুজৰাট টাইটানছ, মুম্বাই ইণ্ডিয়ানছ, পঞ্জাব কিংছৰ দৰে দলৰ সৈতে মেচ আছে ৷ মুম্বাইৰ সৈতে দিল্লীৰ খেলখন অতি গুৰুত্বপূৰ্ণ হ’ব ।
কে কে আৰ-
চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ডিফেণ্ডিং চেম্পিয়ন কে কে আৰৰ বাবে প্লে অফৰ পথ কঠিন হৈ পৰিছে । ১৫ পইণ্ট লাভ কৰিবলৈ এতিয়া কে কে আৰে পৰৱৰ্তী দুয়োখন মেচতে জয়লাভ কৰিব লাগিব । অৱশ্যে তেওঁলোকে আন দলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰাৰ লগতে নিজৰ নেট ৰান ৰেট উন্নত কৰিব লাগিব ।
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ-
লক্ষ্ণৌৰ পৰিস্থিতিও কে কে আৰৰ দৰেই । ১৬ পইণ্ট লাভ কৰিবলৈ তিনিওখন মেচতে জয়ী হ’ব লাগিব দলটো । লক্ষ্ণৌৱে এতিয়াও আন দলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব আৰু প্লে অফৰ দৌৰত থাকিবলৈ নিজৰ নেট ৰান ৰেট শক্তিশালী কৰিব লাগিব ।