‘ইয়াৰ পিছত প্ৰত্যুত্তৰ নিষ্ঠুৰভাৱে দিয়া হ’ব…’; পুনৰ পাকিস্তানে ভাৰতক দিলে ধমকি

ভাৰতে সন্ত্ৰাসবাদী উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে অপাৰেচন সিন্দূৰৰ আৰম্ভণি কৰিছিল। ইয়াৰ পিছত পাকিস্তানে আগ্ৰাসী স্থিতি গ্ৰহণ কৰাত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পায়। তাৰ মাজতে পাকিস্তানৰ আন্তঃসেৱা জনসংযোগৰ সঞ্চালক প্ৰধান মহা আহমেদ শ্বৰীফ চৌধুৰীয়ে ভাৰতক ভাবুকি দিছে। আহমেদ শ্বৰীফে এটা সাক্ষাৎকাৰত যুদ্ধবিৰতি সন্দৰ্ভত কৈছে যে,

ভাৰতে সন্ত্ৰাসবাদী উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে অপাৰেচন সিন্দূৰৰ আৰম্ভণি কৰিছিল। ইয়াৰ পিছত পাকিস্তানে আগ্ৰাসী স্থিতি গ্ৰহণ কৰাত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পায়।

তাৰ মাজতে পাকিস্তানৰ আন্তঃসেৱা জনসংযোগৰ সঞ্চালক প্ৰধান মহা আহমেদ শ্বৰীফ চৌধুৰীয়ে ভাৰতক ভাবুকি দিছে।

আহমেদ শ্বৰীফে এটা সাক্ষাৎকাৰত যুদ্ধবিৰতি সন্দৰ্ভত কৈছে যে, যদি ভাৰতে নিয়ম ভংগ কৰে তেন্তে নিষ্ঠুৰতাৰে তাৰ উত্তৰ দিয়া হ’ব।

তেওঁ কৈছে যে, “আমেৰিকাৰ দৰে দেশবোৰে জানে যে ভাৰতে কি কৰিবলৈ বিচাৰিছে। সকলোতকৈ প্ৰথমে কাশ্মীৰৰ সমস্যাটো সমাধান হ’ব লাগে, যিটো বিভাজনৰ পিছৰে পৰাই হৈ আছে। ইয়াৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰসংঘৰ ইচ্ছা অনুযায়ী কাশ্মীৰ সমস্যা সমাধান কৰিব লাগে”।

আহমেদ শ্বৰীফ চৌধুৰীয়ে লগতে কয় যে, ‘যিয়ে আমাৰ সীমান্তত প্ৰৱেশ কৰি দেশৰ অখণ্ডতাৰ লগত ধেমালি কৰিব তাক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব আৰু ই অতি কঠোৰ হ’ব।    

শেহতীয়া প্ৰৱন্ধসমূহ