‘পানী বন্ধ কৰিলে, আমি উশাহ বন্ধ কৰিম’; PAK জেনেৰেলৰ ভাৰতলৈ ভাবুকি

PAK জেনেৰেলৰ ভাবুকি 

পাকিস্তানৰ সামৰিক মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধাৰীয়ে এইবাৰ ভাৰতৰ বিৰুদ্ধে বিষ বিয়পাইছে।ভাৰত সন্দৰ্ভত তেওঁৰ শেহতীয়া ভাষণ সন্ত্ৰাসবাদী হাফিজ ছাইদৰ ভাষণৰ সৈতে সাদৃশ্য আছে।

২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত একাধিক সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদৰ ভাৰত আৰু আমেৰিকাৰ বিৰুদ্ধে উত্তেজনামূলক ভাষণ দিয়াৰ ইতিহাস আছে।

পাকিস্তানী সেনাবাহিনীৰ ‘আন্তঃসেৱা জনসংযোগ’ৰ অপপ্ৰচাৰ শাখাৰ ডি জি (আই এছ পি আৰ ডি জি) আহমেদ শ্বৰীফ চৌধৰীয়ে শেহতীয়াকৈ পাকিস্তানৰ এখন বিশ্ববিদ্যালয়ত দিয়া ভাষণৰ সময়ত ভাৰত বিৰোধী বাক্যবাণ কৰিছে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ কথা উল্লেখ কৰি চৌধাৰীয়ে ক’লে, ‘আপোনালোকে আমাৰ পানী বন্ধ কৰিলে আমি আপোনালোকৰ উশাহ বন্ধ কৰি দিম।’

ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল সন্ধি আৰু ছাটলেজ, বিয়াছ, ৰবি, ঝেলুম আৰু চেনাব নদীৰ পানী ভাগ-বতৰা আৰু পৰিচালনাৰ চৰ্তসমূহৰ সৈতে জড়িত।এই সন্ধিৰ জৰিয়তে ভাৰত আৰু পাকিস্তানৰ মাজত নিয়মীয়াকৈ তথ্য বিনিময়ৰ নিৰ্দেশ দিয়া হৈছে।

২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ বাবেই পাকিস্তানত এতিয়া PAK জেনেৰেলৰ ভাৰতলৈ ভাবুকি দিছে। কিন্তু PAK জেনেৰেলৰ ভাবুকি ক লৈ কোনো উত্তৰ দিয়া নাই ভাৰতে।

লগতে পঢ়ক: ‘শুনা পাকিস্তান! কথা পাতিম কিন্তু…’; সিন্ধু চুক্তি আৰু PoK ক লৈ বৈদেশিক মন্ত্ৰালয়ে দিলে প্ৰত্যুত্তৰ

‘ইয়াৰ পিছত প্ৰত্যুত্তৰ নিষ্ঠুৰভাৱে দিয়া হ’ব…’; পুনৰ পাকিস্তানে ভাৰতক দিলে ধমকি

ভাৰতে সন্ত্ৰাসবাদী উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে অপাৰেচন সিন্দূৰৰ আৰম্ভণি কৰিছিল। ইয়াৰ পিছত পাকিস্তানে আগ্ৰাসী স্থিতি গ্ৰহণ কৰাত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পায়।

তাৰ মাজতে পাকিস্তানৰ আন্তঃসেৱা জনসংযোগৰ সঞ্চালক প্ৰধান মহা আহমেদ শ্বৰীফ চৌধুৰীয়ে ভাৰতক ভাবুকি দিছে।

আহমেদ শ্বৰীফে এটা সাক্ষাৎকাৰত যুদ্ধবিৰতি সন্দৰ্ভত কৈছে যে, যদি ভাৰতে নিয়ম ভংগ কৰে তেন্তে নিষ্ঠুৰতাৰে তাৰ উত্তৰ দিয়া হ’ব।

তেওঁ কৈছে যে, “আমেৰিকাৰ দৰে দেশবোৰে জানে যে ভাৰতে কি কৰিবলৈ বিচাৰিছে। সকলোতকৈ প্ৰথমে কাশ্মীৰৰ সমস্যাটো সমাধান হ’ব লাগে, যিটো বিভাজনৰ পিছৰে পৰাই হৈ আছে। ইয়াৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰসংঘৰ ইচ্ছা অনুযায়ী কাশ্মীৰ সমস্যা সমাধান কৰিব লাগে”।

আহমেদ শ্বৰীফ চৌধুৰীয়ে লগতে কয় যে, ‘যিয়ে আমাৰ সীমান্তত প্ৰৱেশ কৰি দেশৰ অখণ্ডতাৰ লগত ধেমালি কৰিব তাক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব আৰু ই অতি কঠোৰ হ’ব।