কানাড়া বিতৰ্কৰ বাবে বিপদত পৰা কণ্ঠশিল্পী চনু নিগমে বৃহস্পতিবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পৰা বৃহৎ সকাহ লাভ কৰিছে।চনু নিগমৰ আবেদনত আদালতে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিছে।
ন্যায়াধীশ শিৱশংকৰ অমৰন্নৱৰৰ নেতৃত্বত এখন বিচাৰপীঠে চনু নিগমৰ আবেদনৰ শুনানি গ্ৰহণ কৰে।আদালতে কণ্ঠশিল্পীগৰাকীৰ তদন্তত সহযোগ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়ে।
চনু নিগমৰ অধিবক্তাই যুক্তি দিছিল যে তেওঁ কেতিয়াও কানাড়া সম্প্ৰদায়ক অপমান কৰাৰ উদ্দেশ্য নাছিল আৰু ইতিমধ্যে তেওঁ ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে।
ৰাজহুৱা অধিবক্তাগৰাকীয়ে কয় যে তেওঁৰ এই মন্তব্য লাইভ সম্প্ৰচাৰৰ অংশ আৰু সংবাদ মাধ্যমত ইয়াক ব্যাপক প্ৰচাৰ লাভ কৰা হৈছে, যাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন হয়। তদন্তত তেওঁৰ অনুপস্থিতিৰ বাবে তেওঁক আইনী সুৰক্ষা দিয়াৰ বিৰোধিতা কৰে।
উল্লেখযোগ্য যে চনু নিগমে যোৱা ১৩ মে’ত কৰ্ণাটক উচ্চ ন্যায়ালয়ত ৰুজু হোৱা গোচৰটোত এফআইআৰ বাতিল কৰিবলৈ আবেদন দাখিল কৰিছিল।