বৃহস্পতিবাৰে শ্ৰীনগৰ ভ্ৰমণলৈ যায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । এই সময়ছোৱাত তেওঁ সৈনিকসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ মনোবল বৃদ্ধি কৰে । পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ৰাজনাথ সিঙে কয় যে আমি শত্ৰুৰ বুকুত আক্ৰমণ কৰিছো । আমি ভৱিষ্যতেও এই কাম কৰিম । আজিৰ পৰিস্থিতিত মই স্পষ্টকৈ ক’ব বিচাৰিছো যে আমি আৰু সন্ত্ৰাসবাদ সহ্য নকৰো । প্ৰয়োজন হ’লেই উত্তৰ দিয়া হ’ব ।
তেওঁ কয় যে যোৱা কেইটামান দিনত আপোনালোক সকলোৱে দেশৰ গৌৰৱ বৃদ্ধি কৰিছে । পহলগামত ঘটা ঘটনাক লৈ সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছিল । আপোনালোকে পহলগাম আক্ৰমণৰ প্ৰতিশোধ লৈছে । সন্ত্ৰাসবাদীয়ে আমাৰ মানুহক ধৰ্ম সুধি গুলীয়াই হত্যা কৰিছিল । আমি কৰ্ম দেখি উত্তৰ দিছো ।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আপোনালোকে উৎসাহ আৰু চেতনা দুয়োটা বজাই ৰাখিছে । মই ইয়ালৈ আপোনালোকৰ মাজত বাৰ্তাবাহক হিচাপে আহিছো আৰু আপোনালোকৰ বাবে মোৰ বাৰ্তা হ’ল আমি সকলোৱে আমাৰ সেনাবাহিনীক লৈ গৌৰৱান্বিত । ৭ মে’ত আমি যি ব্যৱস্থা লৈছিলো সেয়াই হৈছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ এক্সন । আমাৰ সিদ্ধান্তই প্ৰমাণ কৰে যে আমি কেৱল কঠিন সিদ্ধান্ত লোৱাই নহয়, এক্সনো লওঁ ।
ৰাজনাথ সিঙে কয় যে, আজি ভাৰতে সমগ্ৰ বিশ্বক এটা বাৰ্তা দিছে । আমি যিকোনো মূল্যৰ বিনিময়ত সন্ত্ৰাসবাদ সহ্য নকৰো । পাকিস্তানে সদায় ভাৰতক বিশ্বাসঘাতকতা কৰি আহিছে । আমি শত্ৰুৰ বুকুত আক্ৰমণ কৰিছো । সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে যাব নোৱাৰে । প্ৰতিটো পৰিস্থিতিৰ বাবে সেনা সাজু বুলিও তেওঁ কয় । পাকিস্তানে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া বন্ধ কৰিব লাগিব । যদি সন্ত্ৰাসবাদ বন্ধ নহয়, তেন্তে পাকিস্তানে ইয়াৰ যথেষ্ট মূল্য দিব লাগিব । আজি পাকিস্তান য’তেই থিয় হৈ আছে তাতেই ভিক্ষাৰীৰ শাৰী । সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি যিকোনো পৰিসৰলৈ যাম বুলি কয় তেওঁ ।