‘সিন্ধু জল সন্ধিক লৈ পুনৰ বিবেচনা কৰক’; পানী শুকাই যোৱাত বিচলিত হৈ ভাৰতলৈ পাকিস্তানে লিখিলে চিঠি

সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ভাৰতক আনুষ্ঠানিকভাৱে আহ্বান জনাইছে পাকিস্তানে।জানিব পৰা মতে, পাকিস্তানৰ জলসম্পদ মন্ত্ৰালয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়লৈ পত্ৰ লিখি তেওঁলোকক সতৰ্ক কৰি দিছে যে নতুন দিল্লীয়ে সন্ধি বন্ধ কৰাৰ পদক্ষেপে পাকিস্তানত সংকটৰ সৃষ্টি কৰিব পাৰে। পাকিস্তান চৰকাৰে বুধবাৰে (১৪ মে’,

সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ভাৰতক আনুষ্ঠানিকভাৱে আহ্বান জনাইছে পাকিস্তানে।জানিব পৰা মতে, পাকিস্তানৰ জলসম্পদ মন্ত্ৰালয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়লৈ পত্ৰ লিখি তেওঁলোকক সতৰ্ক কৰি দিছে যে নতুন দিল্লীয়ে সন্ধি বন্ধ কৰাৰ পদক্ষেপে পাকিস্তানত সংকটৰ সৃষ্টি কৰিব পাৰে।

পাকিস্তান চৰকাৰে বুধবাৰে (১৪ মে’, ২০২৫) ভাৰতৰ জল শক্তি মন্ত্ৰালয়লৈ এখন পত্ৰ লিখি সিন্ধু জল সন্ধি স্থগিত ৰখাৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ আবেদন জনায়।

পাকিস্তানৰ জলসম্পদ সচিবে লিখিছে এখন চিঠি

পাকিস্তানৰ জলসম্পদ সচিব চৈয়দ আলী মুৰ্তাজাই ভাৰতলৈ এখন চিঠি লিখিছে যে, “সিন্ধু জল সন্ধি স্থগিত ৰখাৰ বাবে পাকিস্তানত খাৰিফ শস্যৰ বাবে বৃহৎ জল সংকট হৈছে, গতিকে সিন্ধু জল সন্ধি পুনৰ বিবেচনা কৰক।”

পাকিস্তানে এই পত্ৰৰ প্ৰতিলিপি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে।অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ভাৰতে পৰা কোনো প্ৰতিক্ৰিয়া দিয়া নাই।

শেহতীয়া প্ৰৱন্ধসমূহ