আই পি এল ২০২৫ৰ নতুন সূচী প্ৰকাশ...

আই পি এল ২০২৫ৰ নতুন সূচী প্ৰকাশ… ৬খন খেলপথাৰত অনুষ্ঠিত হ’ব ১৭খন মেচ; ফাইনেল কেতিয়া ?

টাটা আই পি এল ২০২৫ পুনৰ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰা হৈছে । ২০২৫ চনৰ ১৭ মে’ৰ পৰা আৰম্ভ হৈ ৩ জুনত অনুষ্ঠিত হ’বলগীয়া ফাইনেললৈকে ৬টা স্থানত মুঠ ১৭খন খেল অনুষ্ঠিত হ’ব । সংশোধিত সূচীত দুখন ডাবল হেডাৰ অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ দুটা দেওবাৰে অনুষ্ঠিত

টাটা আই পি এল ২০২৫ পুনৰ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰা হৈছে । ২০২৫ চনৰ ১৭ মে’ৰ পৰা আৰম্ভ হৈ ৩ জুনত অনুষ্ঠিত হ’বলগীয়া ফাইনেললৈকে ৬টা স্থানত মুঠ ১৭খন খেল অনুষ্ঠিত হ’ব । সংশোধিত সূচীত দুখন ডাবল হেডাৰ অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ দুটা দেওবাৰে অনুষ্ঠিত হ’ব । উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ বাবে আই পি এল স্থগিত ৰখা হৈছিল ।

চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে বিতং আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চি আইয়ে । সকলো প্ৰধান অংশীদাৰৰ সন্মতি সাপেক্ষে সিদ্ধান্ত লোৱা হ’ল যে চলিত ছিজনৰ বাকী থকা মেচসমূহ এতিয়া সম্পূৰ্ণ হ’ব ।

১৭ মে’ৰ পৰা ৩ জুনলৈ অব্যাহত থাকিব ক্ৰিকেটৰ ৰোমাঞ্চ-

সংশোধিত সূচী অনুসৰি আই পি এল ২০২৫ৰ বাকী ১৭খন মেচ ৬টা ভিন্ন স্থানত অনুষ্ঠিত হ’ব । এই মেচসমূহ ১৭ মে’ৰ পৰা আৰম্ভ হ’ব আৰু চূড়ান্ত মেচ অৰ্থাৎ ফাইনেলখন ৩ জুনত অনুষ্ঠিত হ’ব । এই সময়ছোৱাত দৰ্শকে একেদিনাই দুখন ‘ডাবল হেডাৰ’ অৰ্থাৎ দুখন মেচ চাবলৈ পাব । দেওবাৰে অনুষ্ঠিত হ’ব এই ডাবল হেডাৰ ।

অৱশ্যে কোন খেলপথাৰত কোনখন মেচ অনুষ্ঠিত হ’ব সেয়া এতিয়াও বি চি চি আইয়ে স্পষ্ট কৰা নাই যদিও অতি সোনকালে সকলো স্থান আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ।

প্লে অফৰ মেচৰ সূচী প্ৰকাশ-

আই পি এল ২০২৫ৰ প্লে অফ পৰ্যায়ৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হৈছে । এই পৰ্যায়টো সদায় লীগৰ আটাইতকৈ ৰোমাঞ্চকৰ অংশ য’ত শীৰ্ষ ৪ টা দলে খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । প্লে অফৰ খেলসমূহৰ সময়সূচী তলত দিয়া ধৰণৰ ।

কোৱালিফায়াৰ ১–  ২৯ মে’ ২০২৫

এলিমিনেটৰ–  ৩০ মে’, ২০২৫

কোৱালিফায়াৰ ২–  ১ জুন ২০২৫

ফাইনেল – ৩ জুন ২০২৫

এই চাৰিখন খেলৰ স্থান পৰৱৰ্তী সময়ত বি চি চি আইয়ে ঘোষণা কৰিব যদিও এই মেচসমূহ প্ৰধান মেট্ৰ’ বা নিৰাপদ উপকূলীয় স্থানত অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছে ।

দেশৰ সশস্ত্ৰ বাহিনীক বি চি চি আইৰ প্ৰণাম-

এই উপলক্ষে বি চি চি আইয়ে দেশৰ নিৰাপত্তা ব্যৱস্থাৰ নেতৃত্ব দিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু দৃঢ়তাক প্ৰণাম জনাইছে । ব’ৰ্ডে নিজৰ বিবৃতিত কয়, “ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু নিষ্ঠাক আমি প্ৰণাম জনাইছো, যাৰ বাবে ক্ৰিকেটৰ নিৰাপদ প্ৰত্যাৱৰ্তন সম্ভৱ হৈছে । বি চি চি আইয়ে ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ বুলি বিবেচনা কৰে আৰু একে মনোভাৱেৰে আই পি এল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।”

শেহতীয়া প্ৰৱন্ধসমূহ