‘অপাৰেচন সিন্দুৰ’ আৰম্ভ হোৱাৰ পাছত প্রথমবাৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব ৷ স্থল, আকাশ আৰু সাগৰীয় সকলো সামৰিক আক্ৰমণ বন্ধ কৰাৰ বাবে দুয়োখন দেশৰ পাৰস্পৰিক চুক্তিত উপনীত হোৱাৰ দুদিন পিছত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিব দেশবাসীক । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যত্তৰ দি ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পিছত শনিবাৰে দুয়ো দেশৰ মাজত যুদ্ধবিৰতি হয় ।
১০০ সন্ত্ৰাসবাদী আৰু ৪০ পাকিস্তানী সেনা জোৱান নিহত-
পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰাৰ উদ্দেশ্যে ভাৰতে যোৱা ৭ মে’ৰ পুৱা অপাৰেচন সিন্দুৰ আৰম্ভ কৰে । এই অভিযানত কমেও ১০০টা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ৪০ পাকিস্তানী সেনা জোৱান নিহত হয় । ‘অপাৰেচন সিন্দুৰ’ত লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ শিবিৰসমূহক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছিল ।
প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক-
ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ ডি জি এম অ’ৰ মাজত নিৰ্ধাৰিত আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত অংশগ্ৰহণ কৰাসকলৰ ভিতৰত আছে এন এছ এ অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান আৰু তিনি সেৱাৰ মুৰব্বী ।
২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতৰ কূটনৈতিক আৰু সামৰিক সঁহাৰিৰ পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ নিজৰ বাসগৃহত চৰকাৰী আৰু প্ৰতিৰক্ষাৰ শীৰ্ষ বিষয়াৰ সৈতে নিয়মীয়াকৈ বৈঠকত মিলিত হৈছে ।
যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানে-
উল্লেখ্য যে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ৯ মে,’ শুকুৰবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ বিষয়ে তথ্য দিছিল । তেওঁ কয় যে ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম অনুসৰি সন্ধিয়া ৫ বজাৰ পৰা দুয়োপক্ষই স্থল, আকাশ আৰু সাগৰত সকলো গুলীচালনা আৰু সামৰিক কাৰ্যকলাপ বন্ধ কৰিব । কিন্তু এই সিদ্ধান্তৰ মাত্ৰ চাৰি ঘন্টাৰ পিছতে নিজৰ প্ৰকৃত স্বৰূপ উদঙাই যুদ্ধবিৰতি উলংঘা কৰে পাকিস্তানে ।