দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লক্ষ্ণৌত ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল উৎপাদন ইউনিট ভাৰ্চুৱেলি উদ্বোধন কৰে । এই উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠককে ধৰি বহু নেতা উপস্থিত থাকে ।
এই সময়ছোৱাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, “আপুনি নিশ্চয় ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ শক্তি দেখিছে । যদি নাই দেখা, তেন্তে পাকিস্তানৰ জনসাধাৰণক ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ শক্তিৰ বিষয়ে সুধিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যে এতিয়াৰ পৰা সন্ত্ৰাসবাদৰ যিকোনো কাৰ্যক যুদ্ধৰ কাৰ্য্য বুলি গণ্য কৰা হ’ব । সন্ত্ৰাসবাদৰ সমস্যাটো আমি সম্পূৰ্ণৰূপে মোহাৰি নেপেলোৱালৈকে সমাধান কৰিব নোৱাৰি । সন্ত্ৰাসবাদক চেপি ধৰিবলৈ আমি সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক কণ্ঠত যুঁজিব লাগিব । সন্ত্ৰাসবাদে কেতিয়াও প্ৰেমৰ ভাষা গ্ৰহণ কৰিব নোৱাৰে ইয়াৰ উত্তৰ ভাৰতে অপাৰেচন সিন্দুৰৰ জৰিয়তে সমগ্ৰ বিশ্বক এটা বাৰ্তা দিছে ।“
লক্ষ্ণৌত ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ উৎপাদনৰ নতুন সুবিধা আৰম্ভ হৈছে, যাৰ ফলত ভাৰতৰ থলুৱা প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী হ’ব । এই ইউনিটে প্ৰতি বছৰে ৮০ৰ পৰা ১০০টা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব । ৩০০ কোটি টকা ব্যয়ৰে নিৰ্মিত এই ইউনিটে ২৯০-৪০০ কিলোমিটাৰ দূৰত্ব আৰু ২.৮ মেক বেগত নিখুঁত আক্ৰমণ চলাব পৰা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব । ভাৰতৰ ডি আৰ ডি অ’ আৰু ৰাছিয়াৰ এন পি অ’ মাছিনোষ্ট্ৰ’য়েনিয়াৰ যৌথ উদ্যোগ ব্ৰাহমছ এৰ’স্পেছে নিৰ্মাণ কৰিছে এই ক্ষেপণাস্ত্ৰ । ইয়াক স্থল, সাগৰ বা বায়ুৰ পৰা উৎক্ষেপণ কৰিব পাৰি আৰু ই “ফায়াৰ এণ্ড ফৰগেট” ব্যৱস্থাত কাম কৰে ।
ইয়াৰ উপৰিও এই ইউনিটে প্ৰতি বছৰে ১০০ৰ পৰা ১৫০টা পৰৱৰ্তী প্ৰজন্মৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব । এই নতুন সংস্কৰণসমূহ এবছৰৰ ভিতৰত ডেলিভাৰীৰ বাবে সাজু হ’ব । ইয়াৰ উপৰিও পৰৱৰ্তী প্ৰজন্মৰ ক্ষেপণাস্ত্ৰৰ ওজন ২৯০০ কিলোগ্ৰামৰ পৰা ১২৯০ কিলোগ্ৰামলৈ হ্ৰাস কৰা হৈছে আৰু ইয়াৰ ৰেঞ্জ ৩০০ কিলোমিটাৰতকৈও অধিক হ’ব । ইয়াৰ জৰিয়তে বৰ্তমান এটা ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়া ছুখয়ৰ দৰে যুদ্ধ বিমানে তিনিটা ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিব পাৰিব ।