বৈদেশিক সচিবে উদঙালে অপপ্ৰচাৰ

‘আফগানিস্তানক লৈ মিছা প্ৰচাৰ কৰিছে পাকিস্তানে’… বৈদেশিক সচিবে উদঙালে অপপ্ৰচাৰ

আজি অনুষ্ঠিত সংবাদমেলত বৈদেশিক সচিব বিক্রম মিশ্রীয়ে পাকিস্তানৰ অপপ্রচাৰ উদঙাই দি কয়– ‘পাকিস্তানে ভাৰতীয় ক্ষেপণাস্ত্ৰই আফগানিস্তানক লক্ষ্য কৰি লৈছে বুলি ভুৱা দাবী কৰিছে ৷ এয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন অভিযোগ । আমি মাত্ৰ ক’ব বিচাৰো যে আফগানিস্তানৰ জনসাধাৰণক কোৱাৰ প্ৰয়োজন নাই যে যোৱা ডেৰ বছৰ

আজি অনুষ্ঠিত সংবাদমেলত বৈদেশিক সচিব বিক্রম মিশ্রীয়ে পাকিস্তানৰ অপপ্রচাৰ উদঙাই দি কয়– ‘পাকিস্তানে ভাৰতীয় ক্ষেপণাস্ত্ৰই আফগানিস্তানক লক্ষ্য কৰি লৈছে বুলি ভুৱা দাবী কৰিছে ৷ এয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন অভিযোগ । আমি মাত্ৰ ক’ব বিচাৰো যে আফগানিস্তানৰ জনসাধাৰণক কোৱাৰ প্ৰয়োজন নাই যে যোৱা ডেৰ বছৰ ধৰি সাধাৰণ নাগৰিক আৰু আন্তঃগাঁথনিক লক্ষ্য কৰি কোনখন দেশে তেওঁলোকৰ দেশক কেইবাবাৰো আক্ৰমণ কৰি আহিছে ।‘

কি অপপ্ৰচাৰৰ চেষ্টা কৰিছিল পাকিস্তানে ?

উল্লেখযোগ্য যে পাকিস্তানী সেনাই দাবী কৰিছিল যে ‘ভাৰতৰ পঞ্জাৱত আক্ৰমণৰ লগে লগে ভাৰতে আফগানিস্তানত মিছাইল আৰু ড্ৰ’ন আক্ৰমণ চলাইছিল, যিটো এটা ডাঙৰ আৰু বিপজ্জনক পৰিকল্পনাৰ অংশ আছিল । পাকিস্তান সেনাই এই মিছা বিয়পাই কয় যে এই আক্ৰমণৰ লক্ষ্য সমগ্ৰ অঞ্চলটোক অশান্তিৰ দিশে ঠেলি দিয়া । পাকিস্তানে লগতে দাবী কৰে যে ‘পাকিস্তান বায়ুসেনাত ভাৰতৰ প্ৰতিটো ক্ষেপণাস্ত্ৰৰ ইলেক্ট্ৰনিক স্বাক্ষৰ আছে । মিছাইল য’ৰ পৰা নিক্ষেপ কৰা হৈছিল আৰু ইয়াৰ লক্ষ্য কি আছিল এই সকলোবোৰ ৰেকৰ্ডত আছে ।‘

এটা এটাকৈ পাকিস্তানৰ মিছা কথা উদঙালে বৈদেশিক সচিবে-

বৈদেশিক সচিবগৰাকীয়ে কয় যে ‘পাকিস্তানে মিছা আৰু অপপ্ৰচাৰ চলাইছে আৰু এই কথা পাকিস্তানৰ ৰাষ্ট্ৰীয় সংস্থাসমূহে প্ৰচাৰ কৰিছে । পাকিস্তানে দাবী কৰিছে যে আমাৰ সামৰিক ইনষ্টলেশ্যনৰ ক্ষতি হৈছে, এইটো এটা ডাঙৰ অপপ্ৰচাৰ । ছিৰছা, আদমপুৰ বিমানঘাটিৰ ক্ষতিৰ দাবী সম্পূৰ্ণ মিছা । প্ৰেছ ব্রিফিঙৰ সময়ত এই বিমান ঘাটিসমূহৰ ছবিও দেখুওৱা হৈছিল, য’ত দেখা গৈছিল যে তাত সকলো স্বাভাৱিক আছে ৷

বৈদেশিক সচিবগৰাকীয়ে লগতে কয় ‘পাকিস্তানে অসামৰিক স্থানক লক্ষ্য কৰি লৈছে আৰু বিশেষকৈ জম্মু আৰু পঞ্জাৱত এই আক্ৰমণ সংঘটিত হৈছে । আনকি আজি পুৱাও পাকিস্তানে ৰাজৌৰীত গুলীচালনা কৰে, য’ত এজন প্ৰশাসনিক বিষয়া নিহত হয় । জলন্ধৰ আৰু ফিৰোজপুৰতো আক্ৰমণ সংঘটিত হৈছে । পাকিস্তানে দাবী কৰিছে যে ভাৰতে শ্ৰী অমৃতসৰ চাহাবক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছিল, এইবোৰ শিশুসুলভ অভিযোগ আৰু এয়া দেশক বিভাজনৰ ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় ।‘

শেহতীয়া প্ৰৱন্ধসমূহ