আকাশমাৰ্গৰ পিছত পাকিস্তানৰ ওপৰত ভাৰতৰ ‘জল আক্ৰমণ’! খুলি দিলে চেনাব নদীৰ ছালাল বান্ধৰ কেইবাখনো গেট

ভাৰত আৰু পাকিস্তানৰ উত্তেজিত পৰিস্থিতিৰ মাজতে ভাৰতে এতিয়া জল ফ্ৰণ্টতো কঠোৰ স্থিতি গ্ৰহণ কৰিছে।ত্ৰিশক্তিৰ পৰাক্ৰমৰ পাছত জলবোমাৰে পাকিস্তানীক আক্ৰমণ ভাৰতৰ৷জলবিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ টাৰ্গেট ভাৰতৰ৷ ভাৰতে মুকলি কৰি দিছে ছালাল বান্ধৰ কেইবাখনো গেট । জম্মু-কাশ্মীৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে চেনাব নদীৰ ওপৰত নিৰ্মিত ছালাল বান্ধ

ভাৰত আৰু পাকিস্তানৰ উত্তেজিত পৰিস্থিতিৰ মাজতে ভাৰতে এতিয়া জল ফ্ৰণ্টতো কঠোৰ স্থিতি গ্ৰহণ কৰিছে।ত্ৰিশক্তিৰ পৰাক্ৰমৰ পাছত জলবোমাৰে পাকিস্তানীক আক্ৰমণ ভাৰতৰ৷জলবিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ টাৰ্গেট ভাৰতৰ৷ ভাৰতে মুকলি কৰি দিছে ছালাল বান্ধৰ কেইবাখনো গেট ।

জম্মু-কাশ্মীৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে চেনাব নদীৰ ওপৰত নিৰ্মিত ছালাল বান্ধ আৰু বাগলীহাৰ বান্ধৰ কেইবাখনো গেট মুকলি কৰা হৈছে, যাৰ বাবে পাকিস্তানৰ ফালে পানীৰ সোঁত বৃদ্ধি পাইছে।পুৱা ৮:১৫ বজাত ৰামবনৰ চেনাব নদীত নিৰ্মিত বাগলীহাৰ জলবিদ্যুৎ প্ৰকল্পৰ গেট মুকলি কৰা হয়।

উল্লেক্য যে মাত্ৰ কেইদিনমানৰ আগতে ভাৰতে পাকিস্তানৰ দিশে বৈ যোৱা পানী বন্ধ কৰিবলৈ ছালাল আৰু বাগলীহাৰ মথাউৰিৰ গেট বন্ধ কৰি দিছিল।ইয়াৰ বাবেই পাকিস্তানত চেনাব নদীৰ জলপৃষ্ঠ যথেষ্ট হ্ৰাস পাইছিল।

য’ত আগতে পানীৰ স্তৰ ২৫ৰ পৰা ৩০ ফুট আছিল, এতিয়া ই মাত্ৰ ২ৰ পৰা ৩ ফুটলৈ হ্ৰাস পাইছে,কিন্তু এতিয়া প্ৰচণ্ড বৰষুণ আৰু জলাশয় ভৰ্তি হোৱাৰ পিছত ভাৰতে গেট মুকলি কৰিছে, যাৰ বাবে যথেষ্ট পৰিমাণৰ পানী পাকিস্তানৰ ফালে বৈ আছে।

ভাৰতৰ এই পদক্ষেপে পাকিস্তানৰ ইতিমধ্যে দুৰ্বল অৰ্থনীতি আৰু কৃষি ব্যৱস্থাৰ ওপৰত অধিক হেঁচা প্ৰয়োগ কৰিছে।

শেহতীয়া প্ৰৱন্ধসমূহ