ভাৰতৰ ১৫ খনকৈ চহৰৰ ভাৰতীয় সামৰিক ঘাটিত আক্ৰমণৰ চেষ্টা পাকিস্তানৰ; ভাৰতে কৰিলে বিফল

৭ মে’ৰ নিশা পাকিস্তানে ড্ৰ’ন আৰু মিছাইল ব্যৱহাৰ কৰি অৱন্তীপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, বাথিণ্ডা, চণ্ডীগড়, নল, ফালোডী, উত্তৰলাই আৰু ভূজকে ধৰি উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও সামৰিক প্ৰতিষ্ঠানত আক্ৰমণৰ চেষ্টা চলায়। কিন্তু ভাৰতীয় সেনাই ইউ এ এছ গ্ৰীড আৰু এয়াৰ

৭ মে’ৰ নিশা পাকিস্তানে ড্ৰ’ন আৰু মিছাইল ব্যৱহাৰ কৰি অৱন্তীপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, বাথিণ্ডা, চণ্ডীগড়, নল, ফালোডী, উত্তৰলাই আৰু ভূজকে ধৰি উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও সামৰিক প্ৰতিষ্ঠানত আক্ৰমণৰ চেষ্টা চলায়।

কিন্তু ভাৰতীয় সেনাই ইউ এ এছ গ্ৰীড আৰু এয়াৰ ডিফেন্স চিষ্টেমৰ জৰিয়তে এই আক্ৰমণসমূহ নিষ্ক্ৰিয় কৰিছিল। এই আক্ৰমণৰ ধ্বংসাৱশেষ এতিয়া বহু ঠাইৰ পৰা উদ্ধাৰ কৰা হৈছে যিয়ে পাকিস্তানৰ আক্ৰমণ নিশ্চিত কৰে।

আজি পুৱা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ একাধিক স্থানত এয়াৰ ডিফেন্স ৰাডাৰ আৰু চিষ্টেমক লক্ষ্য কৰি লয়।সূত্ৰ অনুসৰি ভাৰতীয় সেনাই লাহোৰত এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰিছে।

ভাৰতে এই আক্ৰমণৰ প্ৰতি একেধৰণে, একে তীব্ৰতাৰে আৰু একে অঞ্চলতে প্ৰত্যুত্তৰ দিছে।আজি পুৱা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ কেইবাটাও বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু ব্যৱস্থাক লক্ষ্য কৰি লয়।

ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে পাকিস্তানৰ কোনো সামৰিক মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা নাই আৰু এতিয়াও ভাৰতৰ লক্ষ্য যুদ্ধ বৃদ্ধি কৰা নহয় বৰঞ্চ প্ৰত্যুত্তৰ দিয়াহে।

শেহতীয়া প্ৰৱন্ধসমূহ