আজি অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে অপাৰেচন সিন্দুৰ এতিয়াও চলি আছে । সেই বাবে এই অভিযানৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্যসমূহ শ্বেয়াৰ কৰিব নোৱাৰি । বৈঠকৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেচন সিন্দুৰত ১০০টা সন্ত্ৰাসবাদী নিহত হৈছে । যি সময়ত পাকিস্তানে অপাৰেচন সিন্দুৰৰ পিছত প্ৰতিশোধ লোৱাৰ কথা কৈছে সেই সময়ত এই বৈঠক অনুষ্ঠিত হৈছে ।
এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপৰিও সমাজবাদী পাৰ্টিৰ ৰাম গোপাল যাদৱ, আম আদমি পাৰ্টিৰ সঞ্জয় সিং, শিৱসেনা (উদ্ধৱ)ৰ সঞ্জয় ৰাউত, সুপ্ৰিয়া চুলে, বিজেডিৰ সাস্মিত পাত্ৰ আৰু চি পি আই (এম)ৰ জন ব্ৰিটাছ উপস্থিত থাকে । এইসকলৰ উপৰিও জে ডি ইউ নেতা সঞ্জয় ঝা, কেন্দ্ৰীয় মন্ত্ৰী তথা এল জে পি (ৰাম বিলাস) নেতা চিৰাগ পাছোৱান আৰু এ আ ই এম আই এমৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়েও এই বৈঠকত অংশ লয় ।
ডাঙৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে-
সৰ্বদলীয় বৈঠকৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ বাৰ্তা প্ৰেৰণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই পৰিস্থিতিত আমি সকলোৱে একেলগে আছো আৰু সকলোৱে একত্ৰিত হৈ থাকিব লাগিব । উল্লেখ্য যে, যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত সংঘটিত আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় বাহিনীয়ে ৬-৭ মে’ৰ নিশা অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল ।
ভাৰতে ধ্বংস কৰিলে ৯টা সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান-
এই অভিযানৰ অধীনত ভাৰতীয় সেনাই পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ লগতে পাক অধিকৃত কাশ্মীৰ (POK) আৰু আন ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লয় । এই আক্ৰমণত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে । অপাৰেচন সিন্দুৰৰ পিছত প্ৰতিটো ৰাজনৈতিক দলে সেনাবাহিনীক প্ৰশংসা কৰিছে ।