পাকিস্তানৰ বুকু কঁপাই সাগৰৰ তলিত MIGMৰ সফল পৰীক্ষণ ভাৰতৰ...

পাকিস্তানৰ বুকু কঁপাই সাগৰৰ তলিত MIGMৰ সফল পৰীক্ষণ ভাৰতৰ…

পহলগাম আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ভাৰতীয় নৌসেনা আৰু ডি আৰ ডি অ’ (প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা)য়ে সোমবাৰে থলুৱাভাৱে ডিজাইন আৰু বিকাশ কৰা মাল্টি ইনফ্লুৱেন্স গ্ৰাউণ্ড মাইন (এম আই জি এম) সফলতাৰে পৰীক্ষা কৰে । এই ব্যৱস্থাই ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক যুদ্ধৰ

পহলগাম আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ভাৰতীয় নৌসেনা আৰু ডি আৰ ডি অ’ (প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা)য়ে সোমবাৰে থলুৱাভাৱে ডিজাইন আৰু বিকাশ কৰা মাল্টি ইনফ্লুৱেন্স গ্ৰাউণ্ড মাইন (এম আই জি এম) সফলতাৰে পৰীক্ষা কৰে । এই ব্যৱস্থাই ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক যুদ্ধৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰিব । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’ আৰু নৌসেনাক বহু প্ৰভাৱশালী গ্ৰাউণ্ড মাইনৰ সফল পৰীক্ষাৰ বাবে অভিনন্দন জনাইছে ।

কি হয় এই এম আই জি এম-

এইটো এটা আধুনিক সামুদ্ৰিক লেণ্ডমাইন । যিটো নৌ বিজ্ঞান আৰু প্ৰযুক্তি পৰীক্ষাগাৰ বিশাখাপট্টনমে ডি আৰ ডি অ’কে ধৰি বহু পৰীক্ষাগাৰৰ সহযোগত প্ৰস্তুত কৰিছে । ষ্টীলথ জাহাজ আৰু চাবমেৰিনৰ বিৰুদ্ধে ভাৰতীয় নৌসেনাৰ সামৰ্থ্য বৃদ্ধিৰ বাবে এই এম আই জি এম প্ৰস্তুত কৰা হৈছে । ভাৰত ডাইনেমিক্স লিমিটেড, বিশাখাপট্টনম আৰু এপ’ল’ মাইক্ৰ’চিষ্টেমছ লিমিটেড, হায়দৰাবাদে যৌথভাৱে এই ব্যৱস্থা নিৰ্মাণ কৰিব ।

অতি বিশেষ এই ব্যৱস্থা-

মাল্টি-ইনফ্লুৱেন্স গ্ৰাউণ্ড মাইন (MIGM) হৈছে এক প্ৰকাৰৰ আধুনিক সামুদ্ৰিক লেণ্ডমাইন যিয়ে বিভিন্ন ধৰণৰ বিপদ ধৰা পেলাই জাহাজ বা চাবমেৰিনক লক্ষ্য কৰি লয় । ই প্ৰচলিত লেণ্ডমাইনতকৈ অধিক উন্নত, কিয়নো ইয়াত একেলগে একাধিক চেন্সৰ আৰু ট্ৰিগাৰ ব্যৱস্থা ব্যৱহাৰ কৰা হয়, যাৰ ফলত ইয়াক নিৰস্ত্ৰ কৰা বা ৰক্ষা পোৱাটো কঠিন হৈ পৰে ।

-এই ব্যৱস্থাই ডিজিটেল সংকেত প্ৰক্ৰিয়াকৰণ আৰু প্ৰগ্ৰেমেবল লজিক ব্যৱহাৰ কৰে, যাৰ ফলত ইহঁতে নিৰ্দিষ্ট লক্ষ্য চিনাক্ত কৰিব পাৰে ।

-এই অস্ত্ৰ সাগৰৰ তলত, পানীত ওপঙি বা আংশিকভাৱে ডুবাই ৰাখিব পাৰি ।

-অগভীৰ উপকূলীয় অঞ্চলৰ পৰা গভীৰ সাগৰলৈকে ই ফলপ্ৰসূ ।

-ইয়াৰ ডিজাইন এনেকুৱাকৈ কৰা হৈছে যে ৰাডাৰ, ছ’নাৰ বা অন্যান্য ধৰা পেলোৱা ব্যৱস্থাৰ দ্বাৰা ইহঁতক সহজে ধৰা পেলাব নোৱাৰি ।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে জনালে অভিনন্দন-

অভিনন্দন বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, MIGMৰ সফল পৰীক্ষা প্ৰতিৰক্ষা গৱেষণা আৰু থলুৱা প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰতীক । ডি আৰ ডি অ’ আৰু ভাৰতীয় নৌসেনাৰ যৌথ প্ৰচেষ্টাই এই উল্লেখযোগ্য সাফল্য সম্ভৱ কৰি তুলিছে । ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দিশত এয়া আন এক পদক্ষেপ ।

শেহতীয়া প্ৰৱন্ধসমূহ