শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স চিষ্টেম ক্ৰয়ৰ বাবে নিবিদা জাৰি কৰিলে ভাৰতীয় সেনাই

চিকাৰ কৰিব শত্ৰুৰ বিমান… শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স চিষ্টেম ক্ৰয়ৰ বাবে নিবিদা জাৰি কৰিলে ভাৰতীয় সেনাই

নেক্সট জেনেৰেচন ভেৰী শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স চিষ্টেম (VSHORADs-NG) ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰত চৰকাৰে । এই ব্যৱস্থাই দিন বা ৰাতি, সকলো বতৰত, আনকি বৰফে আবৃত্ত অঞ্চলতো আকাশী লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হ’ব । প্ৰতিৰক্ষা মন্ত্ৰালয়ে Request for Proposal (RFP) অৰ্থাৎ ইয়াক ক্ৰয়ৰ বাবে নিবিদা

নেক্সট জেনেৰেচন ভেৰী শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স চিষ্টেম (VSHORADs-NG) ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰত চৰকাৰে । এই ব্যৱস্থাই দিন বা ৰাতি, সকলো বতৰত, আনকি বৰফে আবৃত্ত অঞ্চলতো আকাশী লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হ’ব ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে Request for Proposal (RFP) অৰ্থাৎ ইয়াক ক্ৰয়ৰ বাবে নিবিদা জাৰি কৰিছে । এই নিবিদা শনিবাৰে ভাৰতীয় সেনাৰ ৱেবছাইটত প্ৰকাশ কৰা হয় । নিবিদাত উল্লেখ কৰা হৈছে যে মন্ত্ৰালয়ে ৪৮টা লঞ্চাৰ, ৪৮টা নাইট ভিজন ছাইট, ৮৫টা মিছাইল আৰু এটা মিছাইল টেষ্ট ষ্টেচন ব্যৱস্থা ক্ৰয় কৰিব বিচাৰিছে । এই সকলোবোৰ সামগ্ৰী ‘ক্ৰয় (ভাৰতীয়)’ শিতানত ক্ৰয় কৰা হ’ব । ইচ্ছুক ভাৰতীয় কোম্পানী সমূহক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ।

নিবিদা অনুসৰি আকাশী ক্ষেত্ৰত পৰিৱৰ্তিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সেনাবাহিনীক ‘মেনপ’ৰ্টেবল’ (কান্ধত কঢ়িয়াই নিয়া) ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ প্ৰয়োজন । এই ক্ষেপণাস্ত্ৰ ব্যৱস্থা এনে পৰিস্থিতিৰ বাবে যেতিয়া আক্ৰমণ অতি ওচৰত থাকে আৰু শীঘ্ৰেই ধ্বংস কৰিব লাগে । এই মিছাইল ব্যৱস্থা ইনফ্ৰাৰেড হোমিং প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব আৰু ই হ’ব ‘ফায়াৰ এণ্ড ফৰগেট’ অৰ্থাৎ লক্ষ্য কৰি পাহৰি যোৱা ।

এই ব্যৱস্থাত থাকিব ইনফ্ৰাৰেড মিছাইল, যিটো কান্ধৰ পৰা নিক্ষেপ কৰিব পৰা যাব । এই ব্যৱস্থাই দিন-ৰাতি যিকোনো পৰিস্থিতিত যুঁজাৰু বিমান, পৰিবহণ বিমান, হেলিকপ্টাৰ আৰু ড্ৰ’নক লক্ষ্য কৰি ল’ব পাৰিব ।

এই ব্যৱস্থা তিনিওটা বাহিনীয়ে (সেনা, নৌসেনা আৰু বায়ুসেনা) ব্যৱহাৰ কৰিব আৰু ইয়াক মাটি আৰু জাহাজত নিয়োগ কৰিব পাৰিব । ইয়াক দুটা ৰূপত ব্যৱহাৰ কৰা হ’ব – এটা মেনপৰ্টেবল চিংগল লঞ্চাৰ হিচাপে আৰু আনটো পেৰা ড্ৰপ অপাৰেচন হিচাপে । এই ব্যৱস্থাই পাহাৰ, সমভূমি, মৰুভূমি, সাগৰৰ পাৰ আদি প্ৰতিটো ভূখণ্ডত কাম কৰিবলৈ সক্ষম হ’ব । এই ব্যৱস্থাই -৩০ ডিগ্ৰীৰ পৰা ৫০ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতাত কাম কৰিবলৈ সক্ষম হ’ব ।

ক্ষেপণাস্ত্ৰৰ সৰ্বোচ্চ ষ্ট্ৰাইক ৰেঞ্জ হ’ব ৬০০০ মিটাৰ বা তাতকৈ অধিক আৰু নূন্যতম ৰেঞ্জ ৫০০ মিটাৰৰ কম । এই ব্যৱস্থাটোৱে প্ৰতি ছেকেণ্ডত ৪০০ মিটাৰ বা তাতকৈ অধিক বেগত অহা লক্ষ্যকো আঘাত কৰিবলৈ সক্ষম হ’ব । এই ব্যৱস্থাটোৱে তিনি মিনিটৰ ভিতৰত পৰিবহণৰ পৰা ফায়াৰিং মোডলৈ ৰূপান্তৰিত কৰাৰ ক্ষমতা লাভ কৰিব । এই ব্যৱস্থাটো সামৰিক বাহন, জাহাজ, ৰে’ল আৰু বিমানেৰে পৰিবহণ কৰিব পাৰি, আৰু পেৰাচুটৰ দ্বাৰাও পেলাব পাৰি ।

শেহতীয়া প্ৰৱন্ধসমূহ