জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শনিবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ এয়া প্ৰথম সাক্ষাৎ । প্ৰায় ৩০ মিনিট সময় ধৰি চলে দুয়োগৰাকী নেতাৰ এই বৈঠক । শেহতীয়াকৈ পহলগাম আক্ৰমণ আৰু তাৰ পিছত উদ্ভৱ হোৱা নিৰাপত্তাজনিত পৰিস্থিতিকে ধৰি বহু বিষয়ৰ ওপৰত বিতংভাৱে বৈঠকত আলোচনা কৰা হয় ।
‘কেন্দ্ৰীয় চৰকাৰৰ যিকোনো এক্সনৰ সৈতে আছে জম্মু-কাশ্মীৰ চৰকাৰ’
বৈঠকৰ পূৰ্বে ওমৰ আব্দুল্লাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কেন্দ্ৰীয় চৰকাৰৰ যিকোনো সিদ্ধান্তত, বিশেষকৈ পহলগাম আক্ৰমণৰ প্ৰতিশোধ আৰু দেশৰ নিৰাপত্তাৰ প্ৰতিশোধৰ সৈতে জড়িত বিষয়সমূহত জম্মু-কাশ্মীৰ প্ৰশাসনৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়াৰ কথা উল্লেখ কৰে ।
যি সময়ত জম্মু-কাশ্মীৰত নিৰাপত্তাজনিত প্ৰত্যাহ্বান বৃদ্ধি পাইছে আৰু কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে তেনে সময়তে ওমৰ আব্দুল্লা আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠক অনুষ্ঠিত হৈছে ।
সকলোকে একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায় ফাৰুক আব্দুল্লাই-
ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জম্মু-কাশ্মীৰ নেশ্যনেস কনফাৰেন্সৰ অধ্যক্ষ ফাৰুক আব্দুল্লাই এই আক্ৰমণক গৰিহণা দি সকলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিবলৈ আহ্বান জনায় । তেওঁ কয়, ‘আক্ৰমণৰ লগত জড়িতসকল মানৱতাৰ শত্ৰু । সিন্ধু জল সন্ধি পুনৰাবৃত্তি কৰিব লাগে ।‘
ফাৰুক আব্দুল্লাই পহলগাম আক্ৰমণত নিহত আদিল হুছেইন শ্বাহৰ ঘৰলৈ গৈ পৰিয়ালটোক সাক্ষাৎ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আদিলে পনি ৰাইড অপাৰেটৰ হিচাপে কাম কৰি আছিল । সন্ত্রাসবাদী আক্রমণত মৃত্যু হোৱা ২৬ জন লোকৰ ভিতৰত আদিলো আছিল ৷ আদিলৰ বাহিৰে আন সকলোৱেই আছিল পৰ্যটক ।
‘পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো প্ৰধানমন্ত্ৰীৰ অধিকাৰ’
পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত ফাৰুক আব্দুল্লাই কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে । তেওঁ কয়, ‘এয়া প্ৰধানমন্ত্ৰীৰ অধিকাৰ, মই একো নকওঁ’ । অৱশ্যে তেওঁ নিশ্চিতভাৱে পাকিস্তানক ধমক দিয়ে ।
পাকিস্তান পিপলছ পাৰ্টিৰ নেতা বিলোৱাল ভুট্টো জৰ্দাৰীৰ ভাবুকিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফাৰুকে কয় যে এনে নেতাৰ বক্তব্যৰে সমস্যা সমাধান নহ’ব । যদি আমি তেওঁৰ বক্তব্যৰ প্ৰতি গুৰুত্ব দিওঁ, তেন্তে কাশ্মীৰ আগবাঢ়িব নোৱাৰিব ।