৬ বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ এম চি মেৰী কমে বিবাহ বিচ্ছেদ নিশ্চিত কৰিছে।বুধবাৰে অধিবক্তাৰ জৰিয়তে জাৰি কৰা আইনী বিবৃতিৰ জৰিয়তে মেৰী কমে অনখোলৰ কমৰ সৈতে বিবাহ বিচ্ছেদ নিশ্চিত কৰে আৰু হিতেশ চৌধুৰীৰ সৈতে তেওঁৰ প্ৰেমৰ উৰাবাতৰিক ভিত্তিহীন বুলি অভিহিত কৰিছে।
মেৰীৰ অধিবক্তাই জাৰি কৰা বিবৃতিটোত কোৱা হৈছে যে, ‘এই জল্পনা-কল্পনা আৰু ভুল সংবাদ মাধ্যমৰ বাতৰিৰ পৰিপ্ৰেক্ষিতত মই তলত দিয়া স্পষ্টীকৰণ জাৰি কৰিব বিচাৰিছো যে, এম.চি. মেৰী কম আৰু অনখোলাৰ (অনলাৰ) কমৰ এতিয়া স্বামী-স্ত্ৰী নহয় আৰু ২০২৩ চনৰ ২০ ডিচেম্বৰত দুয়োটা পৰিয়ালৰ সদস্যৰ উপস্থিতিত আৰু গোত্ৰৰ নেতাৰ উপস্থিতিত কম প্ৰথাগত আইনৰ অধীনত পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ চূড়ান্ত কৰা হৈছে।
বিবৃতিটোত কোৱা হৈছে, ‘মোৰ ক্লায়েণ্ট(মেৰী)ৰ হিতেশ চৌধুৰীৰ সৈতে সম্পৰ্কত বান্ধ খোৱা নাই বা আন এজন বক্সাৰৰ সৈতে সম্পৰ্কত থকাৰ উৰাবাতৰি সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা হৈছে আৰু ইয়াক কোনো মিডিয়া প্লেটফৰ্মে প্ৰচাৰ কৰা উচিত নহয়।’
মেৰীয়েও নিজৰ ব্যক্তিগত জীৱনত সংবাদ মাধ্যমক হস্তক্ষেপ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।মেৰীৰ উকীলে কৈছে যে, ‘যোৱা দুবছৰ ধৰি মোৰ ক্লায়েণ্টে ব্যক্তিগত জীৱন বিশেষকৈ প্ৰাক্তন স্বামীৰ সৈতে অতি প্ৰত্যাহ্বানজনক সময়ৰ মাজেৰে পাৰ হৈ আহিছে’।
‘এই কঠিন সময়ত মোৰ ক্লায়েণ্টে তেওঁৰ বন্ধু-বান্ধৱী, অনুৰাগী আৰু শুভাকাংক্ষীসকলক অনুৰোধ কৰিছে যে এই কঠিন সময়ৰ মাজেৰে পাৰ হ’বলৈ তেওঁক প্ৰয়োজনীয় স্থান আৰু গোপনীয়তা দিয়ক’।
তেওঁ আৰু কয়, ‘এই জাননী সকলো সংবাদ মাধ্যমৰ সংস্থালৈ, সকলো ৰূপতে মোৰ ক্লায়েণ্টৰ বিষয়ে ভিত্তিহীন জল্পনা-কল্পনাৰ পৰা বিৰত থাকিবলৈ এইটো এটা আনুষ্ঠানিক অনুৰোধ’।
‘এই অনুৰোধ পালন নকৰিলে এই জাননী উলংঘা কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব,য’ত প্ৰযোজ্য আইন অনুসৰি দেৱানী আৰু অপৰাধমূলক মানহানিৰ দাবী দুয়োটাকে অন্তৰ্ভুক্ত কৰা হৈছে।’









