ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল…

অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । এই পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে এতিয়া অফিচিয়েল ৱেবছাইট (ahsec.assam.gov.in)ৰ জৰিয়তে নিজৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি নিজৰ ফলাফল চাব পাৰিব । ইতিমধ্যে পুৱা ৯ বজাৰ লগে লগে ঘোষণা কৰা হৈছে এই পৰীক্ষাৰ ফলাফল ।

অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । এই পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে এতিয়া অফিচিয়েল ৱেবছাইট (ahsec.assam.gov.in)ৰ জৰিয়তে নিজৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি নিজৰ ফলাফল চাব পাৰিব । ইতিমধ্যে পুৱা ৯ বজাৰ লগে লগে ঘোষণা কৰা হৈছে এই পৰীক্ষাৰ ফলাফল । অনলাইনত মুঠ ১২ টা ৱেবচাইটত উপলব্ধ হৈছে ফলাফল । তলৰ এইকেইটা ৱেবচাইটত মাৰ্শ্বীটৰ সৈতে শীক্ষাৰ্থীসকলে লাভ কৰিব ফলাফল-

www.assamresult.in

www.indiaresults.com

www.schools9.com

www.results.shiksha

www.iresults.in

www.vidyavision.com

www.ndtv.com

ফলাফল কেনেকৈ পৰীক্ষা কৰিব-

ছাত্র-ছাত্রীসকলে তেওঁলোকৰ ফলাফল পৰীক্ষা কৰিবলৈ তলত দিয়া পদক্ষেপসমূহ মানি চলিব লাগিব :

-প্ৰথমে আপুনি অফিচিয়েল ৱেবছাইট resultassam.nic.in লৈ যাওক ।

-এতিয়া ‘Assam HS Result 2025’ লিংক বিচাৰি তাত ক্লিক কৰক ।

-ইয়াৰ পিছত, আপোনাৰ লগইনৰ বিৱৰণ যেনে ৰোল নম্বৰ, পঞ্জীয়ন নম্বৰ আৰু বৰ্ষ টাইপ কৰক ।

-ইয়াত Search Results আইকনত ক্লিক কৰক ।

-এতিয়া আপোনাৰ ফলাফল স্ক্ৰীণত প্ৰদৰ্শিত হ’ব ।

-আপোনাৰ নম্বৰ পৰীক্ষা কৰি ফলাফল ডাউনলোড কৰক ।

উল্লেখ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উতীৰ্ণৰ হাৰ ৮১ শতাংশ । এইবাৰ কলা শাখাত ১,৮৩,৭৪৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । আনহাতে বি়জ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮২ শতাংশ । বিজ্ঞান শাখাত মুঠ ১৪,৫৮৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । ইফালে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৪ শতাংশ । বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৪৮,৩০৯ গৰাকী পৰীক্ষাৰ্থী ।

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৩,০২,৪২০ গৰাকী শিক্ষাৰ্থী । ইয়াৰে কলা শাখাত ২,৩০,০৯১ গৰাকী, বিজ্ঞান শাখাত ৫৭,৭২৪ গৰাকী আৰু বাণিজ্য শাখাত ১৭,৮৬৯ গৰাকী শিক্ষাৰ্থীপৰীক্ষাত অৱতীৰ্ণ হৈছিল ।