দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত দেখা গ’ল এক কঠিন প্ৰতিযোগিতা । এই ৰোমাঞ্চকৰ খেলখনত কে কে আৰে ১৪ ৰানত জয়লাভ কৰে । কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৰোমাঞ্চকৰ জয়ৰ নায়ক আছিল সুনীল নাৰিন । তেওঁ নিজৰ যাদুকৰী স্পীনেৰে মেচখন কলকাতাৰ হাতলৈ ঘূৰাই আনে ।
এই মেচত প্ৰথমে বেটিং কৰাৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছে ২০৪ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে এটা সময়ত ১৩ অভাৰত ৩টা উইকেট হেৰুৱাই ১৩০ ৰান সংগ্ৰহ কৰে । ফাফ ডু প্লেছিছ (৪৫ বলত ৬২) আৰু অক্ষৰ পেটেলে (২৩ বলত ৪৩) দিল্লীক সহজেই জয়ৰ দিশত আগুৱাই নিছিল যদিও তাৰ পিছত সুনীল নাৰিনে খেলৰ গতি সলনি কৰে । ডু প্লেছিছ আৰু অক্ষৰ পেটেলৰ উইকেটৰ পতনৰ পিছত নিৰ্ধাৰিত ২০ অভাৰত দিল্লীয়ে মাত্ৰ ১৯০ ৰানহে কৰিবলৈ সক্ষম হয় আৰু কে কে আৰে মেচখনত ১৪ ৰানত জয়লাভ কৰে ।
কলকাতাই দিয়া ২০৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি দিল্লীৰ আৰম্ভণি দুৰ্বল আছিল । প্ৰথম অভাৰৰ দ্বিতীয় বলত চাৰি ৰান সংগ্ৰহ কৰি আউট হৈছিল অভিষেক পোৰেলে । তাৰ পিছত কৰুণ নায়াৰৰ উইকেটৰো পতন ঘটে । ১৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈও উভতি আহে তেওঁ ।
সপ্তম অভাৰত দলীয় ৬০ ৰানত ৰান আউট হয় কে এল ৰাহুল । তেওঁ পাঁচটা বলত ৭ ৰান সংগ্ৰহ কৰে । এটা মূৰৰ পৰা উইকেটৰ পতন ঘটিলেও ফাফ ডু প্লেছিছে আনটো মূৰৰ পৰা দ্ৰুতগতিত ৰান সংগ্ৰহ কৰি আছিল ।
৬০ ৰানত ৩ উইকেটৰ পতনৰ পিছত মেচখনত কলকাতাই সহজেই জয়লাভ কৰিব বুলি আশা কৰা হৈছিল । কিন্তু ফাফ ডু প্লেছিছ আৰু অক্ষৰে শক্তিশালীভাৱে ক্ৰীজত ৰান সংগ্ৰহ কৰি থাকে । দুয়োৰে মাজত ৭৬ ৰানৰ অংশীদাৰিত্ব আছিল । ১৩.১ অভাৰত দিল্লীৰ স্ক’ৰ ৩ উইকেটত ১৩৬ ৰান আছিল । তাৰ পিছত সুনীল নৰিনে অক্ষৰ পেটেলক আউট কৰে । ২৩টা বলত ৪৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে অধিনায়ক বাপু । তেওঁৰ বেটৰ পৰা ৪টা চাৰি আৰু ৩টা ছয় আহে ।
ইয়াৰ পিছতে সুনীল নাৰিনে ট্ৰিষ্টান ষ্টাবছক বল্ড কৰে । ষ্টাবছে মাত্ৰ এক ৰানহে সংগ্ৰহ কৰে । ইয়াৰ পিছত নাৰিনে ফাফ ডু প্লেছিছকো পেভিলিয়নৰ বাট দেখুৱাই । তেওঁ ৪৫টা বলত ৬২ ৰান সংগ্ৰহ কৰে । তেওঁৰ বেটৰ পৰা ৭টা চাৰি আৰু দুটা ছয় আহে । অক্ষৰ আৰু ডু প্লেছিছ আউট হোৱাৰ লগে লগে কে কে আৰে মেচখনত আধিপত্য বিস্তাৰ কৰে ।
শেষত আশুতোষ শৰ্মা আৰু বিপ্ৰজ নিগমৰ পৰা কিছু আশা কৰা হৈছিল যদিও আশুতোষ ছয় মাৰি আউট হয় । তেওঁ ৭ ৰান সংগ্ৰহ কৰে । বিপ্ৰজে আক্ৰমণাত্মক মনোভাৱ দেখুৱাইছিল । ৪টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ১৯টা বলত ৪৩ ৰান সংগ্ৰহ কৰে যদিও তেওঁ দিল্লীক জয়ৰ সোৱাদ দিয়াত ব্যৰ্থ হয় ।
কলকাতাৰ হৈ সুনীল নাৰিনে ৪ অভাৰত ২৯ ৰান খৰচ কৰি ৩টা উইকেট দখল কৰে । বৰুণ চক্ৰৱৰ্তীয়ে দুটা উইকেট দখল কৰে । ইয়াৰ উপৰিও অনুকুল ৰয়, বৈভৱ অৰোৰা আৰু আন্দ্ৰে ৰাছেলে এটাকৈ সফলতা লাভ কৰে ।