ৰাজস্থান ৰয়েলছৰ ১৪ বছৰীয়া বৈভৱ সূৰ্য্যবংশীয়ে আই পি এল ২০২৫ত গুজৰাট টাইটানছৰ বিৰুদ্ধে মাত্ৰ ৩৫ বলত বিস্ফোৰক শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰে । ইয়াৰ লগে লগে তেওঁ আই পি এল কেৰিয়াৰৰ প্ৰথমটো শতক আৰু কোনো ভাৰতীয়ৰ দ্বাৰা দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ অৰ্জন কৰে । ৰাজস্থান ৰয়েলছৰ নতুন বেটছমেন বৈভৱ সূৰ্যবংশীয়ে আই পি এলত ১৪ বছৰ আৰু ৩২ দিন বয়সত আটাইতকৈ কম বয়সীয়া বেটছমেন হোৱাৰ লগতে শতক অৰ্জন কৰাৰ অভিলেখো গঢ়ে । সূৰ্যবংশীয়ে মাত্ৰ ৩৫টা বলত ১১টা ছয় আৰু ৭টা চাৰিৰ সহায়ত বিস্ফোৰক শতক অৰ্জন কৰি আই পি এলৰ ইতিহাসত দ্বিতীয়টো দ্ৰুততম শতক অৰ্জন কৰে । অৱশেষত ৩৮টা বলত ১০১ ৰানত তেওঁ আউট হয় ।
তেওঁৰ এই বিস্ফোৰক ইনিংছটো আই পি এল ২০২২ৰ বিজয়ী গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলে, যিয়ে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে ২১০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । আই পি এলত দ্ৰুততম শতক অৰ্জনৰ অভিলেখ ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেন ক্ৰীছ গেইলৰ হাতত আছে, যিয়ে ২০১৩ চনৰ এপ্ৰিল মাহত পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ ৩০টা বলত শতক অৰ্জন কৰিছিল ।
পি এলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা বেটছমেন-
ক্ৰিছ গেইল
ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটছমেন ক্ৰীছ গেইলৰ হাতত আছে আই পি এলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ । ২০১৩ চনত পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়াৰ বিৰুদ্ধে মাত্ৰ ৩০ বলত শতক অৰ্জন কৰিছিল তেওঁ । এই ইনিংছত তেওঁ ৬৬ বলত অপৰাজিত ১৭৫ ৰান সংগ্ৰহ কৰিছিল, যিটো আজিলৈকে ব্যক্তিগতভাৱে সৰ্বাধিক স্ক’ৰো । এই সময়ছোৱাত তেওঁ ১৭টা ছয় আৰু ১৩টা চাৰি কোবাইছিল ।
আই পি এলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয়-
বৈভৱ সূৰ্য্যবংশী- ৩৫ বল
ইউছুফ পাঠান- ৩৭ বল
ইউছুফ পাঠান-
ভাৰতীয় প্রাক্তন অলৰাউণ্ডাৰ ইউছুফ পাঠান হৈছে আই পি এলত দ্ৰুততম শতক অর্জন কৰা ভাৰতীয় বেটছমেন । ২০১০ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৩৭টা বলত শতক অৰ্জন কৰিছিল তেওঁ । পাঠানে নিজৰ বিস্ফোৰক ইনিংছত ৯টা চাৰি আৰু ৮টা ছয় কোবাইছিল ।