৩৫ বলত বিস্ফোৰক শতক… ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস

ৰাজস্থান ৰয়েলছৰ ১৪ বছৰীয়া বৈভৱ সূৰ্য্যবংশীয়ে আই পি এল ২০২৫ত গুজৰাট টাইটানছৰ বিৰুদ্ধে মাত্ৰ ৩৫ বলত বিস্ফোৰক শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰে । ইয়াৰ লগে লগে তেওঁ আই পি এল কেৰিয়াৰৰ প্ৰথমটো শতক আৰু কোনো ভাৰতীয়ৰ দ্বাৰা দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ অৰ্জন কৰে

ৰাজস্থান ৰয়েলছৰ ১৪ বছৰীয়া বৈভৱ সূৰ্য্যবংশীয়ে আই পি এল ২০২৫ত গুজৰাট টাইটানছৰ বিৰুদ্ধে মাত্ৰ ৩৫ বলত বিস্ফোৰক শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰে । ইয়াৰ লগে লগে তেওঁ আই পি এল কেৰিয়াৰৰ প্ৰথমটো শতক আৰু কোনো ভাৰতীয়ৰ দ্বাৰা দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ অৰ্জন কৰে । ৰাজস্থান ৰয়েলছৰ নতুন বেটছমেন বৈভৱ সূৰ্যবংশীয়ে আই পি এলত ১৪ বছৰ আৰু ৩২ দিন বয়সত আটাইতকৈ কম বয়সীয়া বেটছমেন হোৱাৰ লগতে শতক অৰ্জন কৰাৰ অভিলেখো গঢ়ে । সূৰ্যবংশীয়ে মাত্ৰ ৩৫টা বলত ১১টা ছয় আৰু ৭টা চাৰিৰ সহায়ত বিস্ফোৰক শতক অৰ্জন কৰি আই পি এলৰ ইতিহাসত দ্বিতীয়টো দ্ৰুততম শতক অৰ্জন কৰে । অৱশেষত ৩৮টা বলত ১০১ ৰানত তেওঁ আউট হয় ।

তেওঁৰ এই বিস্ফোৰক ইনিংছটো আই পি এল ২০২২ৰ বিজয়ী গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলে, যিয়ে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে ২১০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । আই পি এলত দ্ৰুততম শতক অৰ্জনৰ অভিলেখ ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেন ক্ৰীছ গেইলৰ হাতত আছে, যিয়ে ২০১৩ চনৰ এপ্ৰিল মাহত পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ ৩০টা বলত শতক অৰ্জন কৰিছিল ।

পি এলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা বেটছমেন-

ক্ৰিছ গেইল

ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটছমেন ক্ৰীছ গেইলৰ হাতত আছে আই পি এলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ । ২০১৩ চনত পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়াৰ বিৰুদ্ধে মাত্ৰ ৩০ বলত শতক অৰ্জন কৰিছিল তেওঁ । এই ইনিংছত তেওঁ ৬৬ বলত অপৰাজিত ১৭৫ ৰান সংগ্ৰহ কৰিছিল, যিটো আজিলৈকে ব্যক্তিগতভাৱে সৰ্বাধিক স্ক’ৰো । এই সময়ছোৱাত তেওঁ ১৭টা ছয় আৰু ১৩টা চাৰি কোবাইছিল ।

আই পি এলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয়-

বৈভৱ সূৰ্য্যবংশী- ৩৫ বল

ইউছুফ পাঠান- ৩৭ বল

ইউছুফ পাঠান-

ভাৰতীয় প্রাক্তন অলৰাউণ্ডাৰ ইউছুফ পাঠান হৈছে আই পি এলত দ্ৰুততম শতক অর্জন কৰা ভাৰতীয় বেটছমেন । ২০১০ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৩৭টা বলত শতক অৰ্জন কৰিছিল তেওঁ । পাঠানে নিজৰ বিস্ফোৰক ইনিংছত ৯টা চাৰি আৰু ৮টা ছয় কোবাইছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ