ব্ৰেকফাষ্টত এমুঠি সিজোৱা বুট খালে শৰীৰত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু ফাইবাৰ পোৱা যায়। সিজোৱা বুট খালে বহু সময়লৈকে পেটটো ভৰি থাকে।বুটটোক সিজাই ললে ই বহুত বেছি সুস্বাদু হৈ পৰে।
আপোনাৰ প্ৰিয় ফলমূল আৰু শাক-পাচলি দিও এই খাদ্য প্ৰস্তুত কৰিব পাৰি।ওজন কমাব বিচৰাসকলৰ বাবে বুটৰ এই খাদ্য স্বাস্থ্যকৰ জলপান। সপ্তাহৰ ৩-৪ দিন নিশ্চয়কৈ সিজোৱা বুটৰ এই খাদ্য খাব লাগে। কেনেদৰে বনাব এই সুস্বাদু ৰেচিপি।
সিজোৱা বুটৰ এই ৰেচিপিৰ বাবে এমুঠি বুট নিশা পানীত তিয়াই থ’ব। ৰাতিপুৱা বুটৰ পৰা পানীখিনি পেলাই কুকাৰত নতুন পানী দি উতলাই ল’ব। ২-৩ টা হুইচেল দিয়াৰ পিছত গেছটো বন্ধ কৰি দিব।
এতিয়া মিহিকৈ এটা পিঁয়াজ কাটি লওক। লগতে ১ টা বিলাহী, ১ টা জলকীয়া আৰু ধনীয়া মিহিকৈ কাটি লওক।আপেল টুকুৰা টুকুৰকৈ কাটি ডালিমৰ গুটি উলিয়াই লওক।আধা টুকুৰা নেমু, ক’লা নিমখ আৰু চাট মছলাও ল’ব।
সিজোৱা বুটৰ পৰা সকলো পানী ফিল্টাৰ কৰি উলিয়াই লওক।এতিয়া এটা বাটিত বুটখিনি উলিয়াই তাত সকলো কটা শাক-পাচলি দিব।তাৰ ওপৰত ক’লা নিমখ, চাট মছলা আৰু নেমু দিব।একেবাৰে সোৱাদযুক্ত চানা সাজু হৈছে।
সিজোৱা বুটৰ এই খাদ্য খালে শৰীৰত জমা হোৱা চৰ্বি কমাব পাৰি।সিজোৱা বুটত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু ফাইবাৰ থাকে।যাৰ বাবে বহু সময়লৈকে ভোক অনুভৱ কৰা নাযায়।এইদৰে আপুনি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু ওজন কমাও সহজ হৈ পৰে।