ৰাতিপুৱাৰ আহাৰত খায় নেকি এই বিশেষ খাদ্য? শৰীৰৰ হ’ব বহু উপকাৰ

ব্ৰেকফাষ্টত এমুঠি সিজোৱা বুট খালে শৰীৰত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু ফাইবাৰ পোৱা যায়। সিজোৱা বুট খালে বহু সময়লৈকে পেটটো ভৰি থাকে।বুটটোক সিজাই ললে ই বহুত বেছি সুস্বাদু হৈ পৰে।

আপোনাৰ প্ৰিয় ফলমূল আৰু শাক-পাচলি দিও এই খাদ্য প্ৰস্তুত কৰিব পাৰি।ওজন কমাব বিচৰাসকলৰ বাবে বুটৰ এই খাদ্য স্বাস্থ্যকৰ জলপান। সপ্তাহৰ ৩-৪ দিন নিশ্চয়কৈ সিজোৱা বুটৰ এই খাদ্য খাব লাগে। কেনেদৰে বনাব এই সুস্বাদু ৰেচিপি।

সিজোৱা বুটৰ এই ৰেচিপিৰ বাবে এমুঠি বুট নিশা পানীত তিয়াই থ’ব। ৰাতিপুৱা বুটৰ পৰা পানীখিনি পেলাই কুকাৰত নতুন পানী দি উতলাই ল’ব। ২-৩ টা হুইচেল দিয়াৰ পিছত গেছটো বন্ধ কৰি দিব।

এতিয়া মিহিকৈ এটা পিঁয়াজ কাটি লওক। লগতে ১ টা বিলাহী,  ১ টা জলকীয়া আৰু  ধনীয়া মিহিকৈ কাটি লওক।আপেল টুকুৰা টুকুৰকৈ কাটি ডালিমৰ গুটি উলিয়াই লওক।আধা টুকুৰা নেমু, ক’লা নিমখ আৰু চাট মছলাও ল’ব।  

সিজোৱা বুটৰ পৰা সকলো পানী ফিল্টাৰ কৰি উলিয়াই লওক।এতিয়া এটা বাটিত বুটখিনি উলিয়াই তাত সকলো কটা শাক-পাচলি দিব।তাৰ ওপৰত ক’লা নিমখ, চাট মছলা আৰু নেমু দিব।একেবাৰে সোৱাদযুক্ত চানা সাজু হৈছে।

সিজোৱা বুটৰ এই খাদ্য খালে শৰীৰত জমা হোৱা চৰ্বি কমাব পাৰি।সিজোৱা বুটত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু ফাইবাৰ থাকে।যাৰ বাবে বহু সময়লৈকে ভোক অনুভৱ কৰা নাযায়।এইদৰে আপুনি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু ওজন কমাও সহজ হৈ পৰে।

পানীত তিয়াই নে সিজাই; কি প্ৰকাৰে বুটমাহ খোৱাটো স্বাস্থ্যৰ বাবে অধিক উপকাৰী জানেনে?

আমি প্ৰায়ে শুনো যে, ঘৰৰ জ্যেষ্ঠসকলে কনিষ্ঠসকলক স্বাস্থ্য ভালে ৰাখিবলৈ ৰাতিপুৱা তিয়াই থোৱা বুট খাবলৈ উপদেশ দিয়ে।কিয়নো তিয়াই থোৱা বুটে আমাৰ স্বাস্থ্য ৰক্ষাত অমৃতৰ দৰে কাম কৰে।

ৰাতিপুৱা খালি পেটত তিয়াই খোৱা বুট বা কেঁচা বুট খাই আপুনি আপোনাৰ আয়ুস বৃদ্ধি কৰি পাৰে। বুটমাহক বিভিন্ন ধৰণে আপোনাৰ আহাৰ পৰিকল্পনাত অন্তৰ্ভুক্ত কৰিব পাৰি।

যদিও কিছুমান লোকে পানীত তিয়াই থোৱা বুট খাবলৈ পছন্দ কৰে, আন কিছুমানে আকৌ সিজোৱা বুট খাবলৈ ভাল পায়।বুট মাহ খোৱাৰ কোনটো উপায় শৰীৰৰ বাবে অধিক উপকাৰী জানো আহক।

তিয়াই থোৱা বুটৰ উপকাৰিতা- গোটেই ৰাতি পানীত তিয়াই থোৱা বুট খাই, আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী যথেষ্ট শক্তিশালী কৰিব পাৰে। ডায়েবেটিক ৰোগীসকলক কেঁচা বুট খাবলৈও পৰামৰ্শ দিয়া হয়।

তিয়াই থোৱা বুটমাহে আপোনাৰ শৰীৰৰ শক্তিৰ স্তৰ বৃদ্ধি কৰাত কাৰ্যকৰী প্ৰমাণিত হ’ব পাৰে। অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাই হওঁক বা ওজন হ্ৰাস কৰা যাত্ৰা সহজ কৰি তুলিবলৈ, কেঁচা বুটমাহ উপকাৰী হ’ব পাৰে।

স্বাস্থ্যৰ বাবে সিজোৱা বুটৰ উপকাৰিতা- সিজোৱা বুটমাহ স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে। যদি আপুনি আপোনাৰ হাড়ৰ স্বাস্থ্য আৰু পেশীৰ স্বাস্থ্য শক্তিশালী কৰিব বিচাৰে, তেনেহলে সিজোৱা বুট খোৱা আৰম্ভ কৰক।

গাঁঠিৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সিজোৱা বুটমাহ খাব পাৰি। ইয়াৰ উপৰিও, সিজোৱা বুটমাহ আপোনাৰ পাকস্থলীৰ স্বাস্থ্য উন্নত কৰাত সহায়ক প্ৰমাণিত হ’ব পাৰে।

যদি আপুনি আপোনাৰ হজম উন্নত কৰিব বিচাৰে, ওজন হ্ৰাস কৰিব বিচাৰে, বা আপোনাৰ শৰীৰ শক্তিশালী কৰিব বিচাৰে, তেনেহলে কেঁচা বুট আপোনাৰ বাবে অধিক উপকাৰী হ’ব পাৰে।

আনহাতে, যদি আপুনি উচ্চ প্ৰ’টিন গ্ৰহণ কৰিব বিচাৰে বা আপোনাৰ হাড় আৰু পেশী শক্তিশালী কৰিব বিচাৰে, তেনেহলে আপুনি সিজোৱা বুট খোৱা আৰম্ভ কৰিব পাৰে।

(এই প্ৰবন্ধটো সাধাৰণ তথ্যৰ বাবে, অনুগ্ৰহ কৰি যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক)