মহাকাশ কেন্দ্ৰত নতুন পৰীক্ষাৰ বাবে সাজু হৈছে চীন;  মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিব ৩ জন নতুন মহাকাশচাৰী

দশম মহাকাশ দিৱস উপলক্ষে বৃহস্পতিবাৰে চীনে নিজৰ মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিব তিনিজন মহাকাশচাৰীক।এই তিনিজন মহাকাশচাৰীয়ে বিগত ছমাহ ধৰি ষ্টেচনত নিয়োজিত হৈ থকা সহকৰ্মীসকলৰ ঠাই ল’ব। বুধবাৰে চীনে এই ঘোষণা কৰিছে । চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি চীনৰ মানৱ সম্পন্ন মহাকাশ সংস্থাৰ প্ৰৱক্তা লিন

দশম মহাকাশ দিৱস উপলক্ষে বৃহস্পতিবাৰে চীনে নিজৰ মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিব তিনিজন মহাকাশচাৰীক।এই তিনিজন মহাকাশচাৰীয়ে বিগত ছমাহ ধৰি ষ্টেচনত নিয়োজিত হৈ থকা সহকৰ্মীসকলৰ ঠাই ল’ব।

বুধবাৰে চীনে এই ঘোষণা কৰিছে । চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি চীনৰ মানৱ সম্পন্ন মহাকাশ সংস্থাৰ প্ৰৱক্তা লিন জিকিয়াঙে এই সন্দৰ্ভত তথ্য দিছে।

লিনে কয় যে বৃহস্পতিবাৰে ক্ৰুৰ সৈতে শ্বেনঝৌ-২০ মহাকাশ অভিযান আৰম্ভ কৰা হ’ব।মহাকাশযানখনত তিনি মহাকাশচাৰী ক্ৰমে চেন ডং, চেন ঝংৰুই, আৰু ৱাং জি থাকিব।

চেন ডঙে কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।লিনে কয় যে, এই দলটোৱে জেব্ৰাফিশ, প্লেনেৰিয়ান নামৰ অণুজীৱ আৰু ষ্ট্ৰেপ্ট’মাইচিছ নামৰ এক প্ৰকাৰৰ বেক্টেৰিয়াক লৈ নতুন পৰীক্ষা চলাব।

১৯৭০ চনৰ ২৪ এপ্ৰিলত চীনে প্ৰথমটো উপগ্ৰহ, ডোংগফৈংগহোংগ  ১ৰ সফল উৎক্ষেপণৰ পিছত ২০১৬ চনত এই দিনটো তেওঁলোকৰ মহাকাশ দিৱস হিচাপে ঘোষণা কৰিছিল।

শ্বেনঝৌ-২০ হৈছে চীনৰ মানৱীয় মহাকাশ কাৰ্যসূচীৰ ৩৫ সংখ্যক উৰণ অভিযান। দলটো চলিত বৰ্ষৰ অক্টোবৰৰ শেষৰ ফালে উত্তৰ চীনৰ ডংফেং অৱতৰণ স্থানলৈ উভতি আহিব পাৰে।