ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৪০ সংখ্যক মেচত দিল্লী কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৮ উইকেটত পৰাস্ত কৰে । এই খেলখন লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই মেচত দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । ঋষভ পন্টৰ লক্ষ্ণৌ দলে প্ৰথমে বেটিং কৰি ১৫৯ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিল্লীয়ে ১৮ নং অভাৰত এই লক্ষ্যত উপনীত হয় । কে এল ৰাহুল আৰু অভিষেক পোৰেলে অৰ্ধ শতক অৰ্জন কৰে ।
দিল্লীৰ বেটিং-
১৬০ ৰানৰ লক্ষ্য অনুসৰণ কৰি দিল্লী কেপিটেলছৰ আৰম্ভণি দুৰ্বল আছিল । চতুর্থ অভাৰতে উইকেট হেৰুৱাই কৰুণ নায়াৰে ৷ ইয়াৰ পিছত কে এল ৰাহুল আৰু অভিষেক পোৰেলে শক্তিশালী বেটিঙেৰে দলক আগুৱাই নিয়ে । পোৰেলে ৩২টা বলত ৫০ ৰান কৰে । কিন্তু ১২ নং অভাৰত তেওঁৰ উইকেটৰ পতন ঘটে । কিন্তু কে এল ৰাহুল এটা মূৰত শক্তিশালীভাৱে থিয় হৈ দলক জয়ৰ দিশে আগুৱাই নিয়ে । তেওঁ ৪০টা বলত অৰ্ধশতক অৰ্জন কৰি অপৰাজিত হৈ থাকে । একে সময়তে পোৰেলৰ উইকেটৰ পিছত বেটিং কৰিবলৈ অহা অক্ষৰেও বিস্ফোৰক বেটিং কৰে । ইয়াৰ ভিত্তিতে দিল্লী কেপিটেলছে লক্ষ্ণৌক ৮ উইকেটত পৰাস্ত কৰে ।
লক্ষ্ণৌৰ ইনিংছ-
টছৰ পাছত আয়োজক লক্ষ্ণৌ দলে প্ৰথমে বেটিং কৰি সুন্দৰ আৰম্ভণি কৰে । এইডেন মাৰ্ক্ৰাম আৰু মিচেল মাৰ্ছে বিস্ফোৰক আৰম্ভণি কৰে । দুয়োজনে প্ৰতিজন বলাৰৰ বিৰুদ্ধে বিস্ফোৰক শ্বট খেলে । মাত্ৰ ৩০টা বলত এইডেন মাৰ্ক্ৰামে পঞ্চাশ ৰান কৰে । দুয়োজন বেটছমেনে ১০ অভাৰত ৯০ ৰান সংযোজন কৰে যদিও মাৰ্ক্ৰামে উইকেট বিসৰ্জন দিয়ে । মাৰ্ক্ৰামে নিজৰ ইনিংছত ২টা চাৰি আৰু ৩টা ছয় কোবাই ।
কিন্তু ইয়াৰ পাছতে এতিয়ালৈকে আই পি এলত আলোড়নৰ সৃষ্টি কৰা নিকোলাছ পোৰান খেলপথাৰত প্ৰৱেশ কৰে । ক্ৰীজত প্ৰৱেশ কৰিয়েই তেওঁ কুলদীপৰ বলত দুটা চাৰি কোবাই । কিন্তু ১২ নং অভাৰত ষ্টাৰ্কে তেওঁক নিজৰ চিকাৰ কৰে । পোৰাণৰ বেটৰ পৰা মাত্ৰ ৯ ৰানহে আহে । ইয়াৰ পিছত আব্দুল ছামাদেও ২ ৰান সংগ্ৰহ কৰি আউট হয় । একেটা অভাৰতে মুকেশ কুমাৰে মিচেল মাৰ্ছক আউট কৰে; মাৰ্ছে ৪৫ ৰান সংগ্ৰহ কৰে ।
এটা সময়ত লক্ষ্ণৌৱে ১০ অভাৰত এটা উইকেট হেৰুৱাই ৯০ ৰান সংগ্ৰহ কৰিছিল । কিন্তু পৰৱৰ্তী ১০ অভাৰত লক্ষ্ণৌ দলে মাত্ৰ ৭০ ৰানহে সংযোজন কৰিবলৈ সক্ষম হয় । একে সময়তে ২৭ কোটি টকাত বিক্ৰী হোৱা ঋষভ পন্টে বেটিং কৰিবলৈ আহে যদিও তেওঁ কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে মাত্ৰ দুটা বলতে আউট হয় । আনহাতে লক্ষ্ণৌৱে দ্ৰুত ৰান সংগ্ৰহ কৰাৰ প্ৰয়োজন আছিল । অৱশ্যে শেষৰ অভাৰত আয়ুষ বদোনীয়ে একেৰাহে তিনিটা চাৰি কোবাই বিস্ফোৰক বেটিং কৰিছিল, যাৰ ভিত্তিত লক্ষ্ণৌৱে দিল্লীক ১৬০ ৰানৰ লক্ষ্য দিয়ে ।