ইতিহাসৰ প্ৰথমজন লেটিন আমেৰিকাৰ পোপ পোপ ফ্ৰান্সিছৰ সোমবাৰে মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ । ভেটিকানৰ কেমাৰলেংগো কেভিন ফেৰেলে এক বিবৃতিত কয় যে আজি পুৱা ৭:৩৫ বজাত ৰোমৰ বিচপ ফ্ৰান্সিছ পিতৃৰ ঘৰলৈ উভতি যায় । তেওঁৰ সমগ্ৰ জীৱন প্ৰভু আৰু তেওঁৰ গীৰ্জাৰ কাৰ্ডিনেলৰ সেৱাৰ বাবে উৎসৰ্গিত আছিল ।
ফ্ৰান্সিছ দীৰ্ঘদিন ধৰি হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হৈ আছিল আৰু যুৱাৱস্থাতে তেওঁৰ হাওঁফাওঁৰ এটা অংশ আঁতৰাই পেলোৱা হৈছিল । ২০২৫ চনৰ ১৪ ফেব্ৰুৱাৰীত গেমেলী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক । ইয়াত তেওঁৰ ডাবল নিউমোনিয়া ধৰা পৰিছিল । তেওঁৰ মৃত্যুৰ পিছত সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পৰিছে । ইফালে ভেটিকানত ৯ দিনীয়া শোক ঘোষণা কৰা হৈছে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পোপ ফ্ৰান্সিছক শ্ৰদ্ধাঞ্জলি জনাইছে । ‘এক্স’ৰ এটা পোষ্টত তেওঁ লিখিছে- ‘পোপ ফ্ৰান্সিছৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ । এই শোকৰ সময়ত বিশ্ব কেথলিক সম্প্ৰদায়লৈ মোৰ আন্তৰিক সমবেদনা জনাইছো । পোপ ফ্ৰান্সিছক সদায় বিশ্বৰ লাখ লাখ লোকে দয়া, বিনম্ৰতা আৰু আধ্যাত্মিক সাহসৰ প্ৰতীক হিচাপে স্মৰণ কৰিব ।‘
মোদীয়ে লগতে কয়, ‘সৰুৰে পৰাই তেওঁ প্ৰভু খ্ৰীষ্টৰ আদৰ্শ বাস্তৱায়িত কৰাৰ বাবে নিজকে উৎসৰ্গা কৰিছিল । তেওঁ অধ্যৱসায়ী আৰু অভাৱগ্ৰস্ত লোকৰ সেৱা কৰিছিল । পিড়ীত সকলৰ বাবে তেওঁ আশাৰ ভাব কঢ়িয়াই আনিছিল । তেওঁৰ সৈতে হোৱা সাক্ষাৎ মই মনত পেলাইছো আৰু তেওঁৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰা গভীৰভাৱে অনুপ্ৰাণিত হৈছিলোঁ । ভাৰতবাসীৰ প্ৰতি তেওঁৰ মৰম সদায় আদৰণীয় হৈ থাকিব । ঈশ্বৰৰ কোলাত তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।‘
পোপৰ পদত উপনীত হোৱা প্ৰথমজন লেটিন আমেৰিকাৰ ধৰ্মগুৰু আছিল তেওঁ-
পোপ ফ্ৰান্সিছ আছিল পোপৰ পদত উপনীত হোৱা প্ৰথমজন লেটিন আমেৰিকাৰ ধৰ্মগুৰু । ২০১৩ চনত তেওঁক পোপ হিচাপে অভিষেক কৰা হয় । পোপ হিচাপে ১২ বছৰীয়া কাৰ্যকালত পোপ ফ্ৰান্সিছে ভেটিকান চহৰত বহু গুৰুত্বপূৰ্ণ প্ৰশাসনিক পৰিৱৰ্তন সাধন কৰে ।