‘বিগ বছ ১৮ৰ বিজয়ী নহয় কৰণ’; ৰজত দলালৰ এক বক্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ

‘বিগ বছ ১৮’-এ যদিও কৰণ বীৰ মেহৰাক বিজয়ী হিচাপে ঘোষণা কৰিছে, কিন্তু ৰানাৰ্ছ আপ ৰজত দলালে এই সন্দৰ্ভত অন্য মন্তব্য কৰিছে। তেওঁ পৰ্দাৰ আঁৰৰ এটা সঁচা কথা কৈছে। ৰজত দলালে এটা সাক্ষাৎকাত বহু নতুন কথা প্ৰকাশ কৰে আৰু দাবী কৰিছিল যে বিগ বছ ১৮ৰ প্ৰকৃত

‘বিগ বছ ১৮’-এ যদিও কৰণ বীৰ মেহৰাক বিজয়ী হিচাপে ঘোষণা কৰিছে, কিন্তু ৰানাৰ্ছ আপ ৰজত দলালে এই সন্দৰ্ভত অন্য মন্তব্য কৰিছে। তেওঁ পৰ্দাৰ আঁৰৰ এটা সঁচা কথা কৈছে।

ৰজত দলালে এটা সাক্ষাৎকাত বহু নতুন কথা প্ৰকাশ কৰে আৰু দাবী কৰিছিল যে বিগ বছ ১৮ৰ প্ৰকৃত প্ৰাপ্যজন কৰণ নাছিল।

লগতে কয় যে জনসাধাৰণৰ ভোটৰ ভিত্তিত বিজয়ী কোন হ’ব? এই বিষয়টোৰ সিদ্ধান্ত লোৱা হোৱা নাছিল।তেওঁৰ এই বক্তব্যৰ পিছতে ছচিয়েল মিডিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

সাক্ষাৎকাৰটোৰ সময়ত ৰজতে ভোটদান প্ৰক্ৰিয়াৰ বিষয়ে কয় যে এই সকলোবোৰ দেখাত যিমান সঁচা যেন লাগে সিমান সত্য নহয়’।

তেওঁ কয় যে, ‘ভোটৰ ভিত্তিত কথাবোৰ হোৱা যেন অনুভৱ নকৰো। এটা কথা হ’ল ভোটদান সৎভাৱে কৰিব লাগিছিল আৰু প্ৰক্ৰিয়াটো শুদ্ধভাৱে সম্পন্ন হ’ব লাগিছিল।হয়, কোনো চফট্ৱেৰৰ সমস্যা বা কিবা এটা আছিল। মই নাজানো’।

‘প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যে বিগ বছৰ শ্ব’ত ভোটৰ ওপৰত ভিত্তি কৰি নহয়, ব্যক্তিত্বৰ ভিত্তিত বিজয়ীক বাছনি কৰা হৈছে’।

তেওঁ আৰু কয় যে ‘এইটো প্ৰথমবাৰৰ বাবে আছিল যেতিয়া তেওঁ এনে অনুভৱ কৰিছিল যে বিগ বছ বিজয়ীক ৰাজহুৱা ভোটৰ ভিত্তিত বাছনি কৰা নহয়’।

ৰজতে লগতে কয় যে তেওঁ অনুভৱ কৰে যে কৰণবীৰতকৈও বেছি জয়ী হোৱাৰ যোগ্য আছিল ভিভিয়ান ডীচেনা।তেওঁ ভিভিয়ানক প্ৰশংসা কৰিছিল যে তেওঁ নিজৰ প্ৰতি সঁচা হৈ আছে আৰু যিয়েই নহওক কিয় নিজৰ সিদ্ধান্তত দৃঢ় হৈ থাকক।

শেহতীয়া প্ৰৱন্ধসমূহ