বয়স মাত্ৰ এটা সংখ্যা কিন্তু ছাল, চুলি আৰু শক্তিয়ে আপোনাৰ প্ৰকৃত বয়স দেখুৱাই দিয়ে। বয়স বৃদ্ধিৰ লগে লগে ইহঁতৰ প্ৰভাৱ দৃশ্যমান হৈ পৰে।অৱশ্যে ডেকা হৈ থাকিবলৈ মানুহে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে।
যদি আপুনিও বিচাৰে যে আপোনাৰ মুখত কোনো বলিৰেখা নপৰক, চুলি ক’লা হৈ থাকিব লাগে আৰু ৫০ বছৰ বয়সতো ৩০ বছৰীয়াৰ দৰে সৰু দেখাব লাগে তেতিয়া হ’লে আজিৰে পৰাই এটা যাদুকৰী পানীয় খাবলৈ আৰম্ভ কৰক।
এই ছুপাৰহিট পানীয়ত ৬টা প্ৰাকৃতিক ছুপাৰফুড পোৱা যায়, যিবোৰে একেলগে আপোনাৰ বয়স কমোৱাত সহায় কৰে।
আমলখি, আদা, পদিনা, নেমু, মৌ আৰু ক’লা নিমখেৰে প্ৰস্তুত কৰিব পাৰি এই পানীয়।
ইয়াৰ বাবে ১ চামুচ আমলখিৰ ৰস, ১বা ২ চামুচ আদাৰ ৰস, ৫ৰ পৰা ৬ টা পদিনাৰ পাত, ১ চামুচ নেমুৰ ৰস, ১ চামুচ মৌ আৰু সোৱাদ অনুসৰি ক’লা নিমখ ল’ব। এতিয়া এগিলাচ কুহুমিয়া পানীত এই সমূহ দি ভালদৰে মিহলাই লওক।
এই পানীয় ৰাতিপুৱা খালি পেটত সেৱন কৰক। ইয়াৰ ফলত বলিৰেখা কমি যোৱাৰ লগতে ছালত প্ৰাকৃতিক উজ্জ্বলতা আহে। চুলি ক’লা, ডাঠ আৰু মজবুত হৈ পৰে।
হজম শক্তি উন্নত হয় আৰু প্ৰতিদিনে শৰীৰত নতুন শক্তি আহে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।শৰীৰত বিষমুক্ত হয়, যাৰ ফলত ওজনো কমি যায়।
(যিকোনো পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক)