উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জাষ্টিছ ভূষণ আৰ গাভাইৰ নাম ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে আইন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে । এই নামটো প্ৰেৰণ কৰিছে বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই, যাৰ কাৰ্যকাল ১৩ মে’ত শেষ হ’ব ।
দৰাচলতে পৰম্পৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশে তেওঁৰ উত্তৰাধিকাৰীৰ নাম চৰকাৰলৈ প্ৰেৰণ কৰে । এইবাৰো একে প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে । আইন মন্ত্ৰালয়ে ন্যায়াধীশ খান্নাক আনুষ্ঠানিকভাৱে তেওঁৰ উত্তৰাধিকাৰীৰ নাম উল্লেখ কৰিবলৈ কৈছিল, যাৰ উত্তৰত তেওঁ ন্যায়াধীশ গাভাইৰ নাম আগবঢ়াইছে ।
যদিহে ৰাষ্ট্ৰপতি ভৱনৰ পৰা অনুমোদন লাভ কৰে তেন্তে ন্যায়াধীশ ভূষণ আৰ গাভাই হ’ব দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ । ন্যায়াধীশ গাভাই ১৪ মে’ত ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব পাৰে । কিন্তু ২০২৫ চনৰ নৱেম্বৰ মাহত অৱসৰ ল’বলগীয়া হোৱাৰ বাবে তেওঁৰ কাৰ্যকাল মাত্ৰ ছমাহৰ হ’ব ।
১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ আমৰাৱতীত জন্মগ্ৰহণ কৰা ন্যায়াধীশ গাভাইয়ে ২০১৯ চনৰ ২৪ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল । তেওঁ আৰ এছ গাভাইৰ পুত্ৰ, যি এগৰাকী বিশিষ্ট সমাজ কৰ্মী আৰু বিহাৰ আৰু কেৰালাৰ ৰাজ্যপাল হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল ।
২০০৩ চনৰ ১৪ নৱেম্বৰত বম্বে উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে ন্যায়িক জীৱন আৰম্ভ কৰা ন্যায়াধীশ গাভায়ে ২০০৫ চনৰ ১২ নৱেম্বৰত স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ ১৫ বছৰতকৈ অধিক সময় মুম্বাই, নাগপুৰ, ঔৰংগাবাদ আৰু পানাজীৰ বিভিন্ন বিচাৰপীঠত কাম কৰিছিল ।
এটা বিশেষ কথা হ’ল তেওঁ উচ্চতম ন্যায়ালয়ত নিযুক্তি পোৱা দ্বিতীয়জন অনুসূচিত জাতি (SC) ন্যায়াধীশ । ইয়াৰ পূৰ্বে ন্যায়াধীশ কে.জি. বালকৃষ্ণনে ২০১০ চনত অৱসৰ গ্ৰহণ কৰিছিল ।