দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ বি আৰ গাভাই, CJI সঞ্জীৱ খান্নাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে পৰামৰ্শ

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জাষ্টিছ ভূষণ আৰ গাভাইৰ নাম ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে আইন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে । এই নামটো প্ৰেৰণ কৰিছে বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই, যাৰ কাৰ্যকাল ১৩ মে’ত শেষ হ’ব । দৰাচলতে পৰম্পৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশে তেওঁৰ উত্তৰাধিকাৰীৰ

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জাষ্টিছ ভূষণ আৰ গাভাইৰ নাম ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে আইন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে । এই নামটো প্ৰেৰণ কৰিছে বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই, যাৰ কাৰ্যকাল ১৩ মে’ত শেষ হ’ব ।

দৰাচলতে পৰম্পৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশে তেওঁৰ উত্তৰাধিকাৰীৰ নাম চৰকাৰলৈ প্ৰেৰণ কৰে । এইবাৰো একে প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে । আইন মন্ত্ৰালয়ে ন্যায়াধীশ খান্নাক আনুষ্ঠানিকভাৱে তেওঁৰ উত্তৰাধিকাৰীৰ নাম উল্লেখ কৰিবলৈ কৈছিল, যাৰ উত্তৰত তেওঁ ন্যায়াধীশ গাভাইৰ নাম আগবঢ়াইছে ।

যদিহে ৰাষ্ট্ৰপতি ভৱনৰ পৰা অনুমোদন লাভ কৰে তেন্তে ন্যায়াধীশ ভূষণ আৰ গাভাই হ’ব দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ । ন্যায়াধীশ গাভাই ১৪ মে’ত ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব পাৰে । কিন্তু ২০২৫ চনৰ নৱেম্বৰ মাহত অৱসৰ ল’বলগীয়া হোৱাৰ বাবে তেওঁৰ কাৰ্যকাল মাত্ৰ ছমাহৰ হ’ব ।

১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ আমৰাৱতীত জন্মগ্ৰহণ কৰা ন্যায়াধীশ গাভাইয়ে ২০১৯ চনৰ ২৪ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল । তেওঁ আৰ এছ গাভাইৰ পুত্ৰ, যি এগৰাকী বিশিষ্ট সমাজ কৰ্মী আৰু বিহাৰ আৰু কেৰালাৰ ৰাজ্যপাল হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল ।

২০০৩ চনৰ ১৪ নৱেম্বৰত বম্বে উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে ন্যায়িক জীৱন আৰম্ভ কৰা ন্যায়াধীশ গাভায়ে ২০০৫ চনৰ ১২ নৱেম্বৰত স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ ১৫ বছৰতকৈ অধিক সময় মুম্বাই, নাগপুৰ, ঔৰংগাবাদ আৰু পানাজীৰ বিভিন্ন বিচাৰপীঠত কাম কৰিছিল ।

এটা বিশেষ কথা হ’ল তেওঁ উচ্চতম ন্যায়ালয়ত নিযুক্তি পোৱা দ্বিতীয়জন অনুসূচিত জাতি (SC) ন্যায়াধীশ । ইয়াৰ পূৰ্বে ন্যায়াধীশ কে.জি. বালকৃষ্ণনে ২০১০ চনত অৱসৰ গ্ৰহণ কৰিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ