ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৩২ সংখ্যক মেচত ছুপাৰ অভাৰৰ ৰোমাঞ্চত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰে দিল্লী কেপিটেলছে । এই খেলখন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল । চলিত ছিজনৰ এয়া আছিল প্ৰথম ছুপাৰ অভাৰ ।
এই মেচখনত ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । দুয়োটা দলে মূল একাদশত কোনো পৰিৱৰ্তন নঘটোৱাকৈ খেলপথাৰত প্ৰৱেশ কৰে । প্ৰথমে বেটিং কৰি দিল্লীয়ে ১৮৮ ৰান সংগ্ৰহ কৰে । অভিষেক পোৰেলে ৪৯ ৰান সংগ্ৰহ কৰে । ৰাজস্থানে জয়ী হ’বলৈ ১৮৯ ৰানৰ লক্ষ্য লাভ কৰে । কিন্তু দলটোৱে ১৮৮ ৰানহে কৰিবলৈ সক্ষম হয় । শেষ অভাৰত ৰাজস্থানক জয়ী হ’বলৈ ৯ ৰানৰ প্ৰয়োজন হৈছিল । কিন্তু ষ্টাৰ্কে ৰাজস্থানৰ বেটছমেনক শক্তিশালী বলিঙেৰে বান্ধি ৰাখে । অৱশেষত মেচখন ছুপাৰ অভাৰলৈ যায় । এই ছুপাৰ অভাৰত ৰাজস্থানে প্ৰথমে বেটিং কৰি ১১ ৰান সংগ্ৰহ কৰে । এই লক্ষ্যত দিল্লীয়ে মাত্ৰ ৪টা বলতে উপনীত হয় ।
ছুপাৰ অভাৰৰ ৰোমাঞ্চ-
ছুপাৰ অভাৰত প্ৰথমে বেটিং কৰিবলৈ আহিছিল ৰাজস্থান । বলিঙৰ দায়িত্ব আছিল ষ্টাৰ্কৰ । হেটমায়াৰ আৰু ৰিয়ান পৰাগ বেটিং কৰিবলৈ আহিছিল । ছুপাৰ অভাৰৰ প্ৰথম বলটোত কোনো ৰান সংগ্ৰহ কৰিব পৰা নাছিল ৰাজস্থান । দ্বিতীয় বলত হেটমায়াৰে এটা চাৰি আঘাত কৰে । তৃতীয় বলত হেটমায়াৰে এটা ৰান লাভ কৰে । চতুৰ্থ বলত ৰিয়ান পৰাগে চাৰি কোবাই । এইটো আছিল ন’ বল । ফ্ৰী হিটত ৰান আউট হয় পৰাগ । ৫ম বলত দ্বিতীয়বাৰ ৰান ল’বলৈ চেষ্টা কৰোঁতে হেটমায়াৰ আউট হয় । এইদৰে ৰাজস্থান দলে মাত্ৰ ১১ ৰানহে কৰিবলৈ সক্ষম হয় ।
ছুপাৰ অভাৰত দিল্লীৰ বেটিং-
যেতিয়া দিল্লীয়ে ১২ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে খেলপথাৰত নামিছিল, তেতিয়া ষ্টাবছ আৰু কে এল ৰাহুলে ইনিংছ আৰম্ভ কৰিছিল । বলিঙৰ দায়িত্বত আছিল সন্দীপ শৰ্মা । প্ৰথম বলত কে এল ৰাহুলে ২ ৰান লয় । দ্বিতীয় বলত কে এল ৰাহুলে এটা চাৰি কোবাই । তৃতীয় বলত কে এল ৰাহুলে এটা ৰান লয় । ইয়াৰ পিছত ৩টা বলত ৫ ৰানৰ প্ৰয়োজন হৈছিল দিল্লীক । চতুৰ্থ বলত এটা ছয় কোবাই মেচখন ষ্টাবছে দিল্লীক জয়ৰ সোৱাদ দিয়ে ।