মঙলবাৰে পঞ্জাব কিংছ (পি বি কে এছ) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ মেচখনত শ্ৰেয়াছ আয়াৰৰ দলটোৱে চমকপ্ৰদ প্ৰদৰ্শন কৰে । ৰাছেল, ৰিংকু আৰু ৰাহানেৰে দৰে খেলুৱৈৰে গঠিত কে কে আৰক ১১২ ৰানো সংগ্ৰহ কৰিবলৈ নিদিলে পঞ্জাৱে । লগে লগে দলটোৱে কলকাতাৰ বিৰুদ্ধে ১৬ ৰানত জয়লাভ কৰে । এই মেচখনত যুজবেন্দ্ৰ চাহালে শক্তিশালী বলিঙেৰে ৪টা উইকেট দখল কৰি কে কে আৰৰ হাতৰ পৰা মেচখন কাঢ়ি নিয়ে ।
আই পি এলত বহুবাৰ ৪টাতকৈ অধিক উইকেট দখল কৰাৰ অভিলেখ-
আই পি এলৰ এখন খেলত ৪টা উইকেট দখল কৰাৰ ক্ষেত্ৰত এতিয়া সুনীল নাৰিনৰ সৈতে যৌথভাৱে প্ৰথম স্থানত আছে চাহাল । চাহালে এতিয়ালৈকে ৮ বাৰ এখন মেচত ৪ টা উইকেট দখল কৰিছে ।
৮ – যুজবেন্দ্ৰ চাহাল
৮ – সুনীল নৰিন
৭ – লাচিথ মালিংগা
৬ – কাগিছ’ ৰাবাদা
৫ – অমিত মিশ্ৰ
পঞ্জাবে ৰক্ষা কৰিলে সৰ্বনিম্ন স্ক’ৰ-
পঞ্জাৱ কিংছ আই পি এলৰ ইতিহাসত ইমান কম মুঠ স্কৰ ৰক্ষা তথা ডিফেণ্ড কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে । প্ৰথমে বেটিং কৰি পঞ্জাবে ১১১ ৰান সংগ্ৰহ কৰে । কিন্তু কে কে আৰক কেৱল ৯৫ ৰানতে অল আউট কৰে পঞ্জাৱে ।
১১১ – পি বি কে এছ বনাম কে কে আৰ, মুলনপুৰ, ২০২৫
১১৬/৯ – চি এছ কে বনাম পি বি কে এছ, ডাৰবান, ২০০৯
১১৮ – এছ আৰ এইচ বনাম এম আই, ২০১৮
১১৯/৮ – পি বি কে এছ বনাম এম আই, ডাৰবান, ২০০৯
১১৯/৮ – এছ আৰ এইচ বনাম পি ডব্লিউ আই, পুনে, ২০১৩
-বৰষুণৰ ফলত প্ৰভাৱিত খেল অন্তৰ্ভুক্ত নহয়
কলকাতাৰ ইনিংছ-
১১২ ৰানৰ লক্ষ্য অনুসৰণ কৰি কে কে আৰে দুৰ্বল আৰম্ভণি কৰে । প্ৰথম অভাৰতে সুনীল নাৰিন পেভিলিয়নমুখী হয় । তেওঁৰ বেটৰ পৰা মাত্ৰ ৫ ৰান আহে । ইয়াৰ পিছত কুইণ্টন ডি ককো পৰৱৰ্তী অভাৰত পেভিলিয়নলৈ উভতি আহে । তেওঁৰ বেটৰ পৰা মাত্ৰ ২ ৰানহে আহে । কিন্তু ইয়াৰ পিছত ৰাহানে কিছু ভাল শ্বট খেলিছিল যদিও তেওঁ ৮ম অভাৰত আউট হয় । ৰাহানেই ১৭ ৰান সংগ্ৰহ কৰে ।
ইয়াৰ পিছত ৰঘুবংশীও দশম অভাৰত আউট হয় । ইয়াৰ পিছত একেবাৰে পৰৱৰ্তী অভাৰত মেক্সৱেলে ভেংকটেশ আয়াৰক আউট কৰে । ইয়াৰ পাছতে চাহালে তৃতীয় অভাৰত ৰিংকু সিং আৰু ৰমনদীপক আউট কৰে । ইয়াৰ পিছত কলকাতাই বিশেষ ৰান সংগ্ৰহত ব্যৰ্থ হয় । ৰাছেলে নিশ্চিতভাৱে কিছুমান আক্ৰমণাত্মক শ্বট খেলিছিল কিন্তু দলক জয়ৰ সোৱাদ দিয়াত ব্যৰ্থ হয় । ১৬ অভাৰৰ প্ৰথমটো বলত কে কে আৰ অল আউট হয় পঞ্জাৱে ১৬ ৰানত জয়লাভ কৰে ।
পঞ্জাৱৰ বেটিং-
টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা পঞ্জাৱে শক্তিশালী আৰম্ভণি কৰিছিল । প্ৰিয়ংশ আৰ্যই আক্ৰমণাত্মকভাৱে আৰম্ভণি কৰিছিল যদিও চতুৰ্থ অভাৰত হৰ্ষিত ৰাণাৰ চিকাৰ হয় তেওঁ । আৰ্যৰ বেটৰ পৰা ২২ ৰান আহে । ইয়াৰ পিছত পঞ্জাবে উপৰ্যুপৰি বিপৰ্যয়ৰ সন্মুখীন হ’বলগা হয় । চতুৰ্থ অভাৰত শ্ৰেয়াছ আয়াৰ একাউণ্ট নোখোলাকৈয়ে আউট হয় । ইয়াৰ পিছত পৰৱৰ্তী অভাৰত জোছ ইংলিছো পেভিলিয়নমুখী হয় ।
পাৱাৰপ্লেৰ শেষ অভাৰত প্ৰভসিমৰন সিঙৰ উইকেটৰো পতন ঘটে । তেওঁৰ বেটৰ পৰা মাত্ৰ ৩০ ৰানহে আহে । ৯ম অভাৰত নেহাল ৱাধেৰাও ১০ ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছতে পঞ্জাৱৰ বেটিং লাইন আপ তাচ পাতৰ দৰে খহি পৰে । পঞ্জাব ১৬ অভাৰতে ১১১ ৰানত অল আউট হয় ।