ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আজি অৰ্থাৎ মঙলবাৰে পঞ্জাব কিংছ (পি বি কে এছ)ৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) । এই খেলখন চণ্ডীগড়ৰ মুলনপুৰত অনুষ্ঠিত হ’ব । অন্তিমখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ হাতত ৮ উইকেটত পৰাস্ত হৈছিল পঞ্জাব কিংছ । মেচখন যথেষ্ট ৰোমাঞ্চকৰ আছিল কাৰণ এছ আৰ এইচৰ বেটছমেনসকলে ২৪৬ ৰানৰ লক্ষ্যত সহজেই উপনীত হৈছিল । অৱশ্যে এই পৰ্যন্ত ৫ খন মেচৰ ভিতৰত ৩ খন খেলত জয়লাভ কৰি পি বি কে এছৰ যোগ্যতাৰ আশা সজীৱ হৈ আছে ।
একে সময়তে চেন্নাইত কে কে আৰে অন্তিমখন খেলত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক পৰাস্ত কৰে । কে কে আৰৰ বলাৰ বিশেষকৈ তেওঁলোকৰ স্পীনাৰসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ২০ অভাৰত চেন্নাইক ১০৩/৯ ৰানত সীমাবদ্ধ কৰি ৰাখে । কে কে আৰে চেন্নাইক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখি ৬১টা বলত ১০৪ ৰানৰ লক্ষ্যত উপনীত হয় ।
কোনটো দলৰ কিমান শক্তিশালী-
এই পৰ্যন্ত আই পি এলৰ ইতিহাসত পঞ্জাব কিংছ আৰু কে কে আৰৰ মাজত ৩৩খন মেচ অনুষ্ঠিত হৈছে । ইয়াত কে কে আৰৰ আধিপত্য দেখা গৈছে । কে কে আৰে ২১খন মেচত জয়লাভ কৰাৰ বিপৰীতে পঞ্জাৱ দলে মাত্ৰ ১২খন মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছে । দ্বিতীয়তে বেটিং কৰা দলটোৱে অধিক মেচত জয়লাভ কৰিছে । উল্লেখ্য যে পঞ্জাৱৰ বিৰুদ্ধে আন্দ্ৰে ৰাছেলৰ পৰিসংখ্যা উৎকৃষ্ট । ৰাছেলে এই পৰ্যন্ত পঞ্জাৱৰ বিৰুদ্ধে ৪৩২ ৰান সংগ্ৰহ কৰিছে ।
খেলখনৰ পিটচ ৰিপৰ্ট :
এই মেচৰ বাবে খেলপথাৰৰ পিটচ বেটিঙৰ বাবে অনুকূল বুলি কোৱা হয়, যাৰ বাবে ই উচ্চ স্ক’ৰ কৰা মেচ হ’ব পাৰে । দুয়োটা দলৰ বেটিং লাইন আপ শক্তিশালী, যিয়ে ৰান সংগ্ৰহত সহায় কৰিব । পিটচখন বলাৰসকলৰ বাবে বিশেষ সহায়ক নহ’ব, গতিকে টছত জয়ী হোৱা দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল’ব লাগে কাৰণ লক্ষ্য খেদিবলৈ সহজ হ’ব ।
পঞ্জাব কিংছ (পি বি কে এছ)ৰ সম্ভাৱ্য মূল একাদশ :
প্ৰিয়ংশ আৰ্য, প্ৰভসিমৰন সিং, শ্ৰেয়াছ আয়েৰ, মাৰ্কাছ ষ্টয়নিছ, নেহাল ৱাধেৰা, গ্লেন মেক্সৱেল, শশাংক সিং, যশ ঠাকুৰ, অৰ্শদীপ সিং, লকি ফাৰ্গুচন, যুজবেন্দ্ৰ চাহাল ।
কলকাতা নাইট ৰাইডাৰ্ছৰ সাম্ভাব্য মূল একাদশ-
কুইণ্টন ডি কক, সুনীল নাৰিন, অজিংক্য ৰাহানে, ভেংকটেশ আয়াৰ, ৰিংকু সিং, মইন আলী, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, হৰ্ষিত ৰানা, বৈভৱ অৰোৰা, বৰুণ চক্ৰৱৰ্তী ।