গ্ৰীষ্মকালত মানুহে প্ৰায়ে ফ্ৰীজ ব্যৱহাৰ কৰে যাতে ফলমূল আৰু শাক-পাচলি নষ্ট নহয়। কিন্তু আপুনি জানেনে যে কিছুমান ফল-মূল ফ্ৰীজত ৰাখিব নালাগে?
এনে কিছুমান ফল আছে যি ফ্ৰীজত ৰাখিলে হয়তো সোৱাদ সলনি হ’ব পাৰে।কেৱল এয়াই নহয়, কিছুমান ফল ফ্ৰীজত ৰাখিলেও ইয়াৰ ফলত দেহত বেয়া প্ৰভাৱ পৰিব পাৰে।
টেঙা ফল ফ্ৰীজত ৰাখিব নালাগে – আপুনিও প্ৰায়ে ফ্ৰীজত টেঙা ফলমূল ৰাখে নেকি? যদি হয়, তেন্তে আপুনি এই অভ্যাসটো অতি সোনকালে সলনি কৰা উচিত।
কমলা আৰু নেমুত চাইট্ৰিক এচিড থাকে আৰু এনে ফলবোৰে ফ্ৰীজৰ ঠাণ্ডা সহ্য কৰিব নোৱাৰে।এই কাৰণেই এই ফলবোৰ ফ্ৰীজত ৰখাৰ পৰা বিৰত থাকিব লাগে।
কল, আম- যদি আপুনি ফ্ৰীজত কল ৰাখে তেনেহলে কলৰ বাকলি সোনকালে ক’লা হ’ব পাৰে।ফ্ৰীজত কল ৰাখিলে খৰকৈ নষ্ট হ’ব পাৰে।
ইয়াৰ উপৰিও আম ফ্ৰীজত ৰখাৰ পৰাও পৰিহাৰ কৰিব লাগে। কাৰণ কল আৰু আম ফ্ৰীজত ৰাখিলে ই ভালদৰে পকিব নোৱাৰিব।
তৰমুজ আৰু বগৰী- সোনকালে নষ্ট নহ’বলৈ ফ্ৰীজত তৰমুজ আৰু বগৰী ৰাখে নেকি? যদি ৰাখে, তেন্তে আপোনাৰ এই ভুলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ক্ষতি কৰিব পাৰে।
যদি তৰমুজ বা বগৰী কাটি ফ্ৰীজত ৰখা হয়, তেন্তে এই ফলবোৰত থকা পুষ্টিকৰ উপাদানবোৰ ধ্বংস হ’ব পাৰে।ফ্ৰীজত ৰখা তৰমুজ আৰু বগৰী খালে আপোনাৰ স্বাস্থ্যৰ বাবে অপকাৰী হ’ব পাৰে।