কেতিয়া মুক্তি পাব ‘হেৰা ফেৰী ৩’?  পৰেশ ৰাৱালে অনুৰাগীৰ বাবে দিলে ইংগিত

বলীউডৰ ক্লাছিক কমেডি ছবি ‘হেৰা ফেৰী’ ৰ তৃতীয় খণ্ড নিৰ্মাণৰ খবৰ যেতিয়া পৰা ওলাইছে, তেতিয়াৰ পৰাই অনুৰাগীৰ মাজত সুখৰ জোৱাৰ বিয়পি পৰিছে। এই ছবিখনৰ তৃতীয় খণ্ডৰ বাবে অনুৰাগীসকলে বহুদিনৰ পৰা অপেক্ষা কৰি আছিল।অনুৰাগীসকলে এই ছবিখনৰ প্ৰতিটো আপডেটত চকু ৰাখিছে। ৮ এপ্ৰিল মঙলবাৰে পৰেশ ৰাৱালে নিজৰ

বলীউডৰ ক্লাছিক কমেডি ছবি ‘হেৰা ফেৰী’ ৰ তৃতীয় খণ্ড নিৰ্মাণৰ খবৰ যেতিয়া পৰা ওলাইছে, তেতিয়াৰ পৰাই অনুৰাগীৰ মাজত সুখৰ জোৱাৰ বিয়পি পৰিছে।

এই ছবিখনৰ তৃতীয় খণ্ডৰ বাবে অনুৰাগীসকলে বহুদিনৰ পৰা অপেক্ষা কৰি আছিল।অনুৰাগীসকলে এই ছবিখনৰ প্ৰতিটো আপডেটত চকু ৰাখিছে।

৮ এপ্ৰিল মঙলবাৰে পৰেশ ৰাৱালে নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত ‘হেৰা ফেৰী ৩’ৰ মুক্তিৰ তাৰিখৰ বিষয়ে এটা ইংগিত দিছিল।

পৰেশ ৰাৱালৰ কাল্ট ক্লাছিক ছবি ‘আন্দজ আপনা আপনা’ শীঘ্ৰে পুনৰ মুক্তি পাবলৈ গৈ আছে।পৰেশে এক্সত ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰে।

পৰেশৰ এই পোষ্টৰ উত্তৰত এজন অনুৰাগীয়ে তেওঁক কয়,’আমি বাবু ভাইয়াৰ বাবে অপেক্ষা কৰি আছো মিষ্টাৰ তেজা।’ এই কথাত পৰেশে উত্তৰ দিলে, ‘শীঘ্ৰেই! পৰৱৰ্তী বাৰিষাৰ আগতে!’

এক প্ৰকাৰে এই উত্তৰৰ জৰিয়তে পৰেশ ৰাৱালে সকলোকে ‘হেৰা ফেৰী ৩’ মুক্তিৰ বিষয়ে অৱগত কৰিছে।‘হেৰা ফেৰী ৩’ নিৰ্মাণ কৰিছে মূল ছবিখনৰ পৰিচালক প্ৰিয়দৰ্শনে।

২০০০ চনত প্ৰিয়দৰ্শনে নিজেই ছবিখনৰ প্ৰথম খণ্ড পৰিচালনা কৰিছিল।বহু ব্যৰ্থতা আৰু অসুবিধাৰ সন্মুখীন হোৱাৰ পিছত এতিয়া পুনৰ নিৰ্মাণ কৰা হৈছে ‘হেৰা ফেৰী ৩’।

শেহতীয়া প্ৰৱন্ধসমূহ