নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি গুজৰাট-ৰাজস্থানৰ যুঁজ… জানক এই ষ্টেডিয়ামৰ আই পি এল অভিলেখ

আই পি এল ২০২৫ৰ ২৩ সংখ্যক মেচত আজি মুখামুখি হ’ব গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ । নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব এই খেলখন । ইতিমধ্যে পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে শুভমন গীল নেতৃত্বাধীন গুজৰাট আৰু সপ্তম স্থানত আছে সঞ্জু ছেমচন নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ

আই পি এল ২০২৫ৰ ২৩ সংখ্যক মেচত আজি মুখামুখি হ’ব গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ । নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব এই খেলখন । ইতিমধ্যে পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে শুভমন গীল নেতৃত্বাধীন গুজৰাট আৰু সপ্তম স্থানত আছে সঞ্জু ছেমচন নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ ।

শুভমন গীলৰ অধিনায়কত্বত থকা গুজৰাট টাইটানছ ৪খন মেচৰ ভিতৰত ৩খনত জয়লাভ কৰাৰ বিপৰীতে মাত্ৰ ১খন মেচত পৰাস্ত হৈছে । ৰাজস্থান ৰয়েলছ ৪ খন মেচৰ ভিতৰত ২ খনত জয় আৰু ২ খনত পৰাস্ত হৈছে । গীলৰ অধিনায়কত্বত থকা গুজৰাটৰ ঘৰুৱা খেলপথাৰত শক্তিশালী দেখা গৈছে । এই খেলপথাৰত এতিয়ালৈকে আই পি এল ২০২৫ত ২ খন মেচ খেলা হৈছে, তাৰ ভিতৰত গুজৰাটে এখন মেচত জয়ী আৰু এখনত পৰাস্ত হৈছে ।

আহমেদাবাদত আই পি এল ৰেকৰ্ড-

এই পৰ্যন্ত নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত মুঠ ৩৭ খন আই পি এল মেচ অনুষ্ঠিত হৈছে । প্ৰথম বেটিং কৰা দলটোৱে ১৭ বাৰ আৰু প্ৰথমে বলিং কৰা দলটোৱে ২০ বাৰ জয় লাভ কৰিছে । টছত জয়ী হোৱা দলটোৱে ১৭ বাৰ আৰু পৰাজিত দলটোৱে ২০ বাৰ জয়লাভ কৰিছে । ইয়াত সৰ্বাধিক স্কৰ মুঠ ২৪৩, যিটো গুজৰাটৰ বিৰুদ্ধে পঞ্জাব কিংছে কৰিছিল । ইয়াত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ হৈছে শুভমন গীলৰ, যি ২০১৩ চনত মুম্বাইৰ বিৰুদ্ধে ১২৯ ৰান সংগ্ৰহ কৰিছিল ।

২০২৫ চনৰ আই পি এলত নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত ২ খন খেল অনুষ্ঠিত হৈছে । প্ৰথম বেটিং কৰা দলটোৱে দুয়োবাৰেই জয়লাভ কৰিছে । প্ৰথমখন খেলত পঞ্জাব কিংছে ১১ ৰাণত জয়লাভ কৰে আৰু দ্বিতীয়খন মেচত গুজৰাট টাইটানছৰ ৩৬ ৰানত জয়লাভ কৰে ।

নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত বাউন্স হোৱা দেখা যাব, ই হ’ব বেটিং পিটচ য’ত ২০০ ৰান সংগ্ৰহ কৰাটো ডাঙৰ কথা নহ’ব । আজিৰ খেলখনত টছত জয়ী হোৱা অধিনায়কে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা উচিত, ইয়াত টাৰ্গেট অনুসৰণ কৰি জয়ী হোৱাটো অতি কঠিন । প্ৰথমে বেটিং কৰা দলটোৱে প্ৰায় ২১০ ৰান সংগ্ৰহ কৰা আৱশ্যক ।

শেহতীয়া প্ৰৱন্ধসমূহ