মেনেজমেণ্টৰ ক্ষেত্ৰত বহু ছাত্ৰ-ছাত্ৰীয়ে নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে । কিন্তু ইয়াৰ বাবে কোনটো পাঠ্যক্ৰম বাছি ল’ব লাগে সেই লৈ তেওঁলোকৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হয় । স্নাতকোত্তৰ ডিপ্লমা ইন মেনেজমেণ্ট (পি জি ডি এম) আৰু মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেচন (এম বি এ)ত কোনটো পাঠ্যক্ৰম গ্ৰহণ কৰিব, দুয়োটাৰ ভিতৰত কোনটো পাঠ্যক্ৰম শ্ৰেষ্ঠ সেই লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয় ? দুয়োটা পাঠ্যক্ৰমৰ ভিতৰত কোনটোৰ চাহিদা আজি বেছি ? পঢ়াৰ পিছত চাকৰিত কিমান দৰমহা হ’ব ? এনে পৰিস্থিতিত আমি এই প্ৰতিবেদনত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকক জনাম ।
দুয়োটা পাঠ্যক্ৰমৰ পাৰ্থক্য-
-এম বি এ বিশ্ববিদ্যালয়ে পৰিচালনা কৰে । সেয়েহে ইয়াৰ পাঠ্যক্ৰম বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি প্ৰস্তুত কৰা হয় । আনহাতে, পি জি ডি এম ব্যক্তিগত প্ৰতিষ্ঠানে পৰিচালনা কৰে । সেয়েহে উদ্যোগৰ প্ৰয়োজন অনুসৰি এই কাৰ্যসূচীৰ পাঠ্যক্ৰম তৈয়াৰ কৰা হয় ।
-এম বি এ আৰু পি জি ডি এম দুয়োটা পাঠ্যক্ৰম মেনেজমেন্টৰ আটাইতকৈ জনপ্ৰিয় পাঠ্যক্ৰম । দুয়োটাৰে বহু দিশত মিল আছে যদিও দুয়োটাৰ মাজত কিছু পাৰ্থক্য আছে । এম বি এ ডিগ্ৰী পাঠ্যক্ৰম আনহাতে পি জি ডি এম ডিপ্লমা পাঠ্যক্ৰম ।
-এম বি এত শৈক্ষিক আৰু তাত্ত্বিক জ্ঞানৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় । আনহাতে পি জি ডি এমত চাকৰিমুখী পদ্ধতিৰে অধ্যয়ন কৰা হয় আৰু সময়ে সময়ে উদ্যোগ অনুসৰি পাঠ্যক্ৰম সলনি কৰা হয় । লগতে ইয়াত ব্যৱহাৰিক জ্ঞানৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় ।
-এম বি এ প্ৰগ্ৰেমৰ ছাত্ৰ-ছাত্ৰীসকলে এনে চাকৰি পাব পাৰে য’ত ব্যৱসায়িক তত্ত্ব আৰু আৰ্হিৰ গভীৰ বুজাবুজিৰ প্ৰয়োজন হয় । যেনে সাধাৰণ ব্যৱস্থাপনা, বিত্ত বা বিপণন । এই সকলোবোৰ ঠাইতে কৌশল, পৰিকল্পনা আৰু বিশ্লেষণৰ প্ৰয়োজন । একে সময়তে পি জি ডি এমৰ ব্যৱহাৰিক জ্ঞানৰ বাবে এই পাঠ্যক্ৰমটো কৰাৰ পিছত আপোনাৰ চাকৰি পোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । আজিকালি কোম্পানীবোৰে ব্যৱহাৰিক দক্ষতাক অধিক গুৰুত্ব দিয়ে ।
-পি জি ডি এমত ছাত্ৰ-ছাত্ৰীসকলে ৮-১০ সপ্তাহকৈ ছটা ভিন্ন টাৰ্মত ৪০-৪৫টা পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ পায় । আনহাতে এম বি এত ছাত্ৰই চাৰিটা ভিন্ন ছেমিষ্টাৰত ৩০-৩৫টা মেনেজমেণ্ট পাঠ্যক্ৰম অধ্যয়ন কৰিব লগা হয় ।
-পি জি ডি এমৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰিক শিক্ষণ আৰু শিকোৱাৰ কৌশলৰ নতুন পদ্ধতি লাভ কৰে । এনে পৰিস্থিতিত তেওঁলোকে চাকৰি পোৱাৰ সম্ভাৱনা বেছি । লগতে অধিক দৰমহা পোৱাৰ সম্ভাৱনাও আছে । কিন্তু উদ্যোগে দুয়োটা পাঠ্যক্ৰমকে সমান মূল্য দিয়ে । এম বি এৰ সৈতে আপোনাৰ সুবিধাটো হ’ল ই ডিগ্ৰী পাঠ্যক্ৰম । এনে পৰিস্থিতিত দুয়োৰে মাজত দৰমহাৰ বিশেষ পাৰ্থক্য নাথাকে ।