নতুন বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ প্ৰথমখন মুদ্ৰানীতি বৈঠক (RBI MPC Meeting) আজি অৰ্থাৎ ৭ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই তিনিদিনীয়া বৈঠক ৯ এপ্ৰিলত সমাপ্ত হ’ব । সেইদিনা পুৱা ১০ বজাত আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই এই বৈঠকত লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰিব ।
বজাৰ বিশেষজ্ঞ আৰু অৰ্থনীতিবিদসকলৰ মতে এইবাৰো আৰ বি আইয়ে ৰেপ’ ৰেট ০.২৫% কমাব পাৰে । যদি এয়া হয় তেন্তে ৰেপো ৰেট ৬.২৫%ৰ পৰা পোনপটীয়াকৈ ৬%লৈ হ্ৰাস পাব । ইয়াৰ দ্বাৰা ব্যক্তিগত ঋণ, ঘৰুৱা ঋণ আৰু ব্যৱসায়িক ঋণ লোৱা লোকসকলে সকাহ পাব পাৰে, কাৰণ বেংকেও সুতৰ হাৰ হ্ৰাস কৰিব পাৰে ।
ফেব্ৰুৱাৰী মাহত কৰ্তন কৰা হৈছে-
উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা মুদ্ৰানীতি সমিতিৰ বৈঠকত আৰ বি আইয়ে ৰেপো ৰেট ২৫ বেচিছ পইণ্ট অৰ্থাৎ ০.২৫% কৰ্তন কৰিছিল । যোৱা ৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আৰ বি আইয়ে সুতৰ হাৰ হ্ৰাস কৰিছিল ।
কিয় কৰ্তনৰ আশা কৰা হৈছে ?
বৰ্তমান খুচুৰা মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত সামান্য নৰম হোৱা দেখা গৈছে । ফেব্ৰুৱাৰী মাহত ই ৩.৬১% লৈ হ্ৰাস পাইছে, যিটো যোৱা ৭ মাহৰ ভিতৰত সৰ্বনিম্ন স্তৰ । ইয়াৰ আঁৰৰ কাৰণ হ’ল শাক-পাচলি, কণী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস । ইয়াৰ বাবে আৰ বি আইৰ বাবে ৰেপো ৰেট হ্ৰাস কৰাৰ সুযোগ থকা যেন লাগে ।
২০২৫-২৬ চনৰ বাবে জি ডি পি বৃদ্ধি প্ৰায় ৬.৭% হ’ব বুলি আশা কৰা হৈছে । একে সময়তে খুচুৰা মুদ্ৰাস্ফীতিও নিয়ন্ত্ৰণত থাকিব বুলি আশা কৰা হৈছে ।
আমেৰিকাই ৯ এপ্ৰিলৰ পৰা ভাৰত আৰু চীনকে ধৰি ৬০খন দেশৰ ওপৰত গধুৰ প্ৰতিশোধমূলক শুল্ক (১১%ৰ পৰা ৪৯%) আৰোপ কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ ফলত বিশ্ব অৰ্থনীতিৰ ওপৰত হেঁচা বৃদ্ধি পাব পাৰে । এনে পৰিস্থিতিত আৰ বি আইয়ে ঘৰুৱা বৃদ্ধিৰ বাবে নীতিৰ ক্ষেত্ৰত নমনীয়তা দেখুৱাব পাৰে ।
বেংক অৱ বৰোদা আৰু ৰেটিং এজেন্সী আই চি আৰ এৰ মতামত-
বেংক অৱ বৰোদাৰ মুখ্য অৰ্থনীতিবিদ মদন সবনভিছৰ মতে এইবাৰো ৰেপো ৰেটত ০.২৫% কৰ্তনৰ আশা কৰিব পাৰি । তেওঁ কয় যে লিকুইডিটি সুস্থিৰ আৰু মুদ্ৰাস্ফীতিও নিয়ন্ত্ৰণত আছে । একে সময়তে আই চি আৰ এয়ে এইবাৰো আৰ বি আইয়ে নিৰপেক্ষ স্থিতি বজাই ৰাখিব বুলি কৈছে আৰু ৰেপো ৰেট সামান্য হ্ৰাস কৰিব পৰা যাব ।
৯ এপ্ৰিলত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব-
এতিয়া সকলোৰে দৃষ্টি ৯ এপ্ৰিলৰ ঘোষণাৰ ওপৰত । যদি ৰেপো ৰেট হ্ৰাস কৰা হয় তেন্তে ঘৰ আৰু গাড়ী কিনাৰ সপোন পূৰণ কৰিব বিচৰাসকলৰ বাবে আৰু সৰু ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলৰ বাবে ই এক ডাঙৰ সকাহ হ’ব ।