চেন্নাই ছুপাৰ কিংছৰ তৃতীয়টো পৰাজয়, দিল্লীৰ জয়ৰ হেট্ৰিক

কামত নাহিল ধোনীৰ যাদু… চলিত ছিজনত চেন্নাই ছুপাৰ কিংছৰ তৃতীয়টো পৰাজয়,  দিল্লীৰ জয়ৰ হেট্ৰিক

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ১৭ সংখ্যক মেচখন চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু দিল্লী কেপিটেলছ (ডি চি)ৰ মাজত অনুষ্ঠিত হয় । শনিবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়াম (চেপাউক)ত অনুষ্ঠিত হোৱা এই মেচখনত দিল্লী কেপিটেলছে ২৫ ৰানত জয়লাভ কৰে । দিল্লীয়ে আয়োজক দলটোক ১৮৪ ৰানৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ১৭ সংখ্যক মেচখন চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু দিল্লী কেপিটেলছ (ডি চি)ৰ মাজত অনুষ্ঠিত হয় । শনিবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়াম (চেপাউক)ত অনুষ্ঠিত হোৱা এই মেচখনত দিল্লী কেপিটেলছে ২৫ ৰানত জয়লাভ কৰে । দিল্লীয়ে আয়োজক দলটোক ১৮৪ ৰানৰ লক্ষ্য দিছিল যদিও ৫ উইকেটত ১৫৮ ৰানহে কৰিবলৈ সক্ষম হয় চেন্নাই । এই ষ্টেডিয়ামত ১৫ বছৰৰ পাছত চি এছ কেক পৰাস্ত কৰিছে দিল্লী কেপিটেলছে ।

ৰান সংগ্ৰহৰ বাবে সংগ্ৰাম চি এছ কেৰ-

চেন্নাই ছুপাৰ কিংছৰ হৈ মহেন্দ্ৰ সিং ধোনীয়ে ২৬টা বলত চাৰি আৰু ছয়ৰ সহায়ত অপৰাজিত ৩০ ৰান সংগ্ৰহ কৰে । আনহাতে বিজয় শংকৰে ৬৯ ৰানত অপৰাজিত হৈ থাকে । বিজয় শংকৰৰ ৫৪টা বলৰ ইনিংছত ৫টা চাৰি আৰু এটা ছয় আছিল । এই ছিজনত চাৰিখন মেচত চেন্নাই ছুপাৰ কিংছৰ এয়া আছিল তৃতীয়টো পৰাজয় । আনহাতে এইটো আছিল দিল্লীৰ একেৰাহে তৃতীয়টো জয় ।

লক্ষ্য অনুসৰণ কৰাৰ সময়তে চেন্নাই ছুপাৰ কিংছৰ আৰম্ভণি ভাল নাছিল আৰু ১৪ ৰানৰ স্ক’ৰত দুটা উইকেট হেৰুৱাইছিল দলটোৱে ৷ ৰাচিন ৰবিন্দ্ৰক (৩) ৰান আউট কৰে বেগী বলাৰ মুকেশ কুমাৰে । ইফালে, অধিনায়ক ৰুতুৰাজ গাইকোৱাদ (৫) বেগী বলাৰ মিচেল ষ্টাৰ্কৰ চিকাৰ হয় । ইয়াৰ পাছত বিপৰাজ নিগমে আনজন অ’পেনাৰ ডেভন কনৱে (১৩)ক কম সময়তে পেভিলিয়নৰ বাট দেখুৱাই ।

‘ইমপেক্ট চাব’ হিচাপে আহি শিৱম ডুবেই আগ্ৰাসী ৰূপ ধৰিবলৈ চেষ্টা কৰিছিল যদিও স্পীনাৰ বিপ্ৰজে ১৮ ৰানত তেওঁক আউট কৰে । ৰবীন্দ্ৰ জাডেজাই ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছিল যদিও মাত্ৰ ২ ৰান সংগ্ৰহ কৰি তেওঁক কুলদীপ যাদৱৰ বলত উইকেট বিসৰ্জন দিয়ে । জাডেজা আউট হোৱাৰ সময়ত চেন্নাইৰ স্ক’ৰ আছিল ৫ উইকেটত ৭৪ ৰান । ইয়াৰ পৰা চেন্নাইক জয়ী হ’বলৈ আগ্ৰাসী বেটিঙৰ প্ৰয়োজন আছিল যদিও বিজয় শংকৰ আৰু এম এছ ধোনীয়ে বিশেষ একো কৰিব নোৱাৰিলে । দুয়োৰে মাজত ৮৪ ৰানৰ অংশীদাৰিত্ব আছিল ।

কে এল ৰাহুলৰ শক্তিশালী ইনিংছ…

টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত দিল্লী কেপিটেলছে ৬ উইকেটত ১৮৩ ৰান সংগ্ৰহ কৰে । প্ৰথম অভাৰতে জেক ফ্ৰেজাৰ-মেকগাৰ্কৰ উইকেট হেৰুৱাই দিল্লী কেপিটেলছ আৰম্ভণিতে শলঠেকত পৰিছিল । জেকে একাউণ্ট খোলাত ব্যৰ্থ হৈ খলিল আহমেদৰ চিকাৰ হয় । ইয়াৰ পাছত অভিষেক পোৰেল আৰু কে এল ৰাহুলে মিলি দ্বিতীয় উইকেটৰ বাবে ৫৪ ৰান সংযোজন কৰি ইনিংছৰ দায়িত্ব লয় । স্পীনাৰ ৰবীন্দ্ৰ জাডেজাই পোৰেলক আউট কৰি এই অংশীদাৰিত্ব ভংগ কৰে । পোৰেলে ২০টা বলত ৩৩ ৰান সংগ্ৰহ কৰে, য’ত ৪টা চাৰি আৰু এটা ছয় আছিল ।

তাৰ পাছত দিল্লী কেপিটেলছৰ অধিনায়ক অক্ষৰ পেটেল ক্ৰীজলৈ আহে । চতুৰ্থ উইকেটত অক্ষৰ আৰু কে এল ৰাহুলৰ মাজত ৩৬ ৰানৰ অংশীদাৰিত্ব গঢ়ে । অক্ষৰক ২১ ৰানত নূৰ আহমেদে বল্ড কৰে । অক্ষৰ আউট হোৱাৰ পিছত সমীৰ ৰিজৱীয়ে কে এল ৰাহুলক সমৰ্থন কৰে । চতুৰ্থ উইকেটৰ বাবে দুয়োৰে মাজত ৫৬ ৰানৰ অংশীদাৰিত্বৰে দিল্লীক গতি প্ৰদান কৰে ।

এই অংশীদাৰিত্বৰ সময়তে কে এল ৰাহুলে ৩৩টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে । সমীৰ ৰিজৱীক ২০ ৰানত খলিল আহমেদে আউট কৰে । ৰিজৱীৰ পিছত দিল্লীয়ে শেষ অভাৰত কে এল ৰাহুল আৰু আশুতোষ শৰ্মা (১)ৰ উইকেট হেৰুৱাই । ৰাহুলে ৬টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ৫১টা বলত ৭৭ ৰান সংগ্ৰহ কৰে । চেন্নাইৰ হৈ বেগী বলাৰ খলিল আহমেদে সৰ্বাধিক দুটা উইকেট দখল কৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ