কে কে আৰে খুলিলে জয়ৰ একাউণ্ট...

কে কে আৰে খুলিলে জয়ৰ একাউণ্ট… ডি ককৰ ধুমুহাত বিধ্বস্ত ৰাজস্থান, একেৰাহে দ্বিতীয়খন মেচত পৰাস্ত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ ষষ্ঠখন মেচ বুধবাৰে (২৬ মাৰ্চ) ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হয় । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলা এই মেচখনত কে কে আৰে ৮ উইকেটত জয়লাভ কৰে । ইয়াৰ লগে লগে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ ষষ্ঠখন মেচ বুধবাৰে (২৬ মাৰ্চ) ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হয় । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলা এই মেচখনত কে কে আৰে ৮ উইকেটত জয়লাভ কৰে ।

ইয়াৰ লগে লগে অজিংক্য ৰাহানেৰ অধিনায়কত্বত থকা কে কে আৰ দলটোৱে এই আই পি এল ছিজনত জয়ৰ একাউণ্ট মুকলি কৰিছে । এইখন দলটোৰ দ্বিতীয়খন মেচ । প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত ৭ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল কলকাতা ।

এই ছিজনত ৰাজস্থান দলৰ এয়া একেৰাহে দ্বিতীয়টো পৰাজয় । দলটোৱে ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিছিল, য’ত ৪৪ ৰানত পৰাজয়ৰ সন্মুখীন হৈছিল । উল্লেখ্য যে প্ৰথম তিনিখন মেচত সঞ্জু চেমচনৰ সলনি ৰাজস্থান দলৰ কমাণ্ড ৰিয়ান পৰাগৰ হাতত আছে ।

ডি ককৰ অপৰাজিত মেচ বিজয়ী ৯৭ ৰান-

টছত পৰাস্ত হৈ মেচখনত প্ৰথমে বেটিং কৰাৰ পিছত ৰাজস্থান দলে ১৫২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ উত্তৰত কে কে আৰে ২টা উইকেট হেৰুৱাই ১৭.৩ অভাৰত ১৫৩ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে । মেচখনত কে কে আৰৰ অ’পেনাৰ কুইণ্টন ডি ককে ৩৬টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে ।

ইয়াৰ পিছতে মেচখনত ডি ককে ৬১টা বলত অপৰাজিত ৯৭ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত তেওঁ ৬টা ছয় আৰু ৮টা চাৰিটা কোবাই । অধিনায়ক ৰাহানেই ১৮ ৰান সংগ্ৰহ কৰে । আনহাতে ইমপেক্ট প্লেয়াৰ অংকৃশ ৰঘুবংশীয়ে অপৰাজিত ২২ ৰান সংগ্ৰহ কৰে । ৰাজস্থানৰ হৈ বলাৰসকলে বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হয় । মাত্ৰ ৱানিন্দু হাছাৰংগাইহে লাভ কৰে ১টা সফলতা ।

সংগ্ৰামৰ মাজতে ৰাজস্থানে এই স্ক’ৰ কৰে-

মেচখনত ৰাজস্থানে ৯টা উইকেট হেৰুৱাই ১৫১ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে ২৮টা বলত ৩৩ ৰানৰ ইনিংছ খেলে । আনহাতে যশস্বী জয়ছোৱালে ২৪টা বলত ২৯ ৰান সংগ্ৰহ কৰে । অধিনায়ক ৰিয়ান পৰাগে ১৫টা বলত ২৫ ৰান সংগ্ৰহ কৰে । কে কে আৰ দলৰ হৈ বৈভৱ অৰোৰা, হৰ্ষিত ৰাণা, ময়েন আলী আৰু বৰুণ চক্ৰৱৰ্তীয়ে ২-২কৈ উইকেট দখল কৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ