পূব ইম্ফলত মেইটেই আৰু পাম্বাই সংগঠনৰ সদস্যৰ মাজত সংঘৰ্ষ

পুনৰ অশান্ত মণিপুৰ… পূব ইম্ফলত মেইটেই আৰু পাম্বাই সংগঠনৰ সদস্যৰ মাজত সংঘৰ্ষ

মণিপুৰৰ পূব ইম্ফল জিলাত মেইটেই সংগঠন আৰম্বাই টেংগোলেৰ সদস্য আৰু নিষিদ্ধ ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সদস্যৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । ইয়াৰ ফলত চাৰিজন উগ্ৰপন্থী আহত হয় । আৰক্ষীৰ জিম্মাত লোৱা হৈছে আহত ইউ এন এল এফ (পাম্বাই)ৰ চাৰিজন উগ্ৰপন্থী । বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ

মণিপুৰৰ পূব ইম্ফল জিলাত মেইটেই সংগঠন আৰম্বাই টেংগোলেৰ সদস্য আৰু নিষিদ্ধ ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সদস্যৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । ইয়াৰ ফলত চাৰিজন উগ্ৰপন্থী আহত হয় । আৰক্ষীৰ জিম্মাত লোৱা হৈছে আহত ইউ এন এল এফ (পাম্বাই)ৰ চাৰিজন উগ্ৰপন্থী । বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁলোকৰ অৱস্থা বিপদ মুক্ত বুলি জানিব পৰা গৈছে ।

শনিবাৰে বিয়লি আৰম্বাই টেংগোলে গোটৰ প্ৰায় ১৫-২০ জন সদস্যই কংপাল চিংগাংবাম লেইকাইত থকা ইৰেংবাম নন্দকুমাৰ সিং (৫৬) নামৰ ইউ এন এল এফৰ উগ্ৰপন্থীৰ ঘৰত প্ৰৱেশ কৰি ইম্ফল উপত্যকাৰ সংগঠনটোৰ উগ্ৰপন্থীক আক্ৰমণ কৰে বুলি আৰক্ষীয়ে জনায় । ঘৰটোত উপস্থিত থকা ইউ এন এল এফ (পাম্বাই)ৰ চাৰিজন উগ্ৰপন্থীক লাঠিৰে প্ৰহাৰ কৰা হয় ।

তেওঁ কয় যে দুয়োপক্ষৰ পৰা কেইবাটাও ৰাউণ্ড গুলীচালনা হয় । জিম্মাত লোৱা হৈছে ইউ এন এল এফ (পাম্বাই)ৰ চাৰিজন উগ্ৰপন্থী । আনহাতে আক্ৰমণকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।

শনিবাৰে নিশা নিৰাপত্তা বাহিনীয়ে জিলাখনৰ খুৰাই অঞ্চলৰ আৰম্বাই টেংগোলৰ এটা কাৰ্যালয়ত অভিযান চলাই তিনিখন চাৰিচকীয়া বাহন, ১৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন, ৮খন বুলেটপ্ৰুফ প্লেট, তিনিটা বেতাঁৰ হেণ্ডছেট, এটা ইনছাছৰ বেয়নেট, দুখন তৰোৱাল আৰু অন্যান্য আপত্তিজনক নথি-পত্ৰ জব্দ কৰে । এই পৰ্যন্ত আৰাম্বাই টেংগোলেৰ কোনো সদস্যক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

ইফালে কুকি অধ্যুষিত চুৰাচান্দপুৰ জিলাত ভুৱা আৰু উত্তেজনামূলক বাতৰি প্ৰচাৰৰ বাবে হোৱাটছএপ গ্ৰুপ আৰু ছ’চিয়েল মিডিয়া চেনেলৰ বিৰুদ্ধে ৬খন এফ আই আৰ ৰুজু কৰিছে আৰক্ষীয়ে । আন চেনেলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লোৱাৰ সকীয়নি দিছে আৰক্ষীয়ে ।

শেহতীয়া প্ৰৱন্ধসমূহ