ৰূপজ্যোতি কুৰ্মীক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ নিৰ্দেশ

অভব্য আচৰণ… ৰূপজ্যোতি কুৰ্মীক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ নিৰ্দেশ

অসম বিজেপিয়ে শনিবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীক বিধানসভাত বিৰোধী সদস্যৰ বিৰুদ্ধে অভব্য আচৰণ কৰাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিয়ে । কুৰ্মীলৈ লিখা এখন পত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শুকুৰবাৰে বিধানসভাত তেওঁৰ আচৰণ গণতান্ত্ৰিক পৰম্পৰাৰ বিৰুদ্ধে বুলি উল্লেখ কৰে । সদনত চলি থকা আলোচনাৰ

অসম বিজেপিয়ে শনিবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীক বিধানসভাত বিৰোধী সদস্যৰ বিৰুদ্ধে অভব্য আচৰণ কৰাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিয়ে । কুৰ্মীলৈ লিখা এখন পত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শুকুৰবাৰে বিধানসভাত তেওঁৰ আচৰণ গণতান্ত্ৰিক পৰম্পৰাৰ বিৰুদ্ধে বুলি উল্লেখ কৰে ।

সদনত চলি থকা আলোচনাৰ সময়ত বিৰোধী বিধায়কসকৰ সৈতে মৰিয়নীৰ বিধায়ক কুৰ্মীয়ে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হৈ তেওঁলোকৰ বিৰুদ্ধে গালি-গালাজ আৰম্ভ কৰে । যিবোৰ পিছত সদনৰ কাৰ্য্যবিধিৰ পৰা আঁতৰাই দিয়া হয় । ইয়াৰ উপৰিও তেওঁ বিৰোধী সদস্যৰ ফালে চোঁচা লৈ আক্ৰমণ কৰিবলৈয়ো চেষ্টা কৰিছিল যদিও মাৰ্শ্বালসকলে তেওঁক বাধা প্ৰদান কৰে ।

ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পত্ৰখনত লিখিছে, বিজেপিৰ সদস্য হিচাপে আমি কোনো জ্যেষ্ঠ ৰাজনীতিবিদৰ পৰা এনে আচৰণ আশা নকৰো । বিজেপি এটা অনুশাসিত আৰু সহনশীল দল, যিয়ে নিজৰ নীতি আৰু মূল্যবোধৰ ওপৰত দৃঢ়তাৰে থিয় দিছে যদিও কুৰ্মীৰ আচৰণ দলৰ মতাদৰ্শ আৰু শিষ্টাচাৰৰ বিৰুদ্ধে আছিল ।

ভৱিষ্যতে এনে ঘটনা পুনৰাবৃত্তি নকৰিবলৈ কুৰ্মীক সতৰ্ক কৰি দিয়া হৈছে । তেওঁ কয়, ” ইয়াৰ লগে লগে আপোনাক এই বিষয়ত অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিয়া হৈছে ।”

উল্লেখযোগ্য যে কুৰ্মীয়ে ইতিমধ্যে বিধানসভাত কৰা আচৰণৰ বাবে ক্ষমা খুজিছে । কংগ্ৰেছৰ প্ৰাক্তন নেতা কুৰ্মীয়ে ২০০৬ চনৰ পৰা মৰিয়নী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে আৰু ২০২১ চনত তেওঁ বিজেপিত যোগদান কৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ