ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাটছ উইলমোৰ ৯ মাহ ১৪ দিনীয়া মহাকাশ অভিযানৰ অন্তত পৃথিৱীলৈ উভতি আহিছে । তেওঁলোকৰ লগতে ক্ৰু-৯ৰ আন দুজন মহাকাশচাৰী নিক হেগ আৰু আলেকজেণ্ডাৰ গৰ্বুনভো ঘূৰি আহিছে । তেওঁলোকৰ ড্ৰেগন স্পেচক্ৰাফ্ট ভাৰতীয় সময় অনুসৰি ১৯ মাৰ্চৰ পুৱা ৩:২৭ বজাত ফ্ল’ৰিডাৰ উপকূলত সফলতাৰে অৱতৰণ কৰে ।
১৮ মাৰ্চত (মঙলবাৰ) এই চাৰিজন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) এৰি আহে । মহাকাশযানখন যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছিল তেতিয়া ইয়াৰ উষ্ণতা ১৬৫০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছিল । এই সময়ছোৱাত প্ৰায় ৭ মিনিটৰ বাবে যোগাযোগৰ ব্লেকআউট হৈছিল । মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিবলৈ তেওঁলোকক ১৭ ঘণ্টা সময় লাগিছিল ।
নাছাৰ বিবৃতি-
নাছাই কয় যে সুনীতা উইলিয়ামছ আৰু বাটছ উইলমোৰক ঘূৰাই অনাৰ অভিযান সফল হৈছে । ইয়াৰ বাবে আমি সমগ্ৰ নাছাৰ দলটোৰ শলাগ লৈছো । এই সময়ছোৱাত নাছাই সুনীতা উইলিয়ামছ আৰু বাটছ উইলমোৰকো প্ৰশংসা কৰে । কেলিফৰ্ণিয়াৰ হথৰ্নত থকা স্পেচএক্সৰ বিমান নিয়ন্ত্ৰকক ৰেডিঅ’যোগে মহাকাশচাৰী হেগে কয় যে, ‘কি আচৰিত ভ্ৰমণ । মই এটা কেপচুল চাই আছো আৰু বহুত সুখী ।‘
এই সমস্যাবোৰৰ সন্মুখীন হ’ব পাৰে-
মহাকাশচাৰীসকলে দীৰ্ঘদিন ধৰি মাইক্ৰ’গ্ৰেভিটিত থাকি পৃথিৱীলৈ উভতি অহাৰ পিছত বহু অসুবিধাৰ সন্মুখীন হয় । এই সময়ছোৱাত ভাগৰুৱা, খোজ কঢ়াত অসুবিধা আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
-সুনীতা উইলিয়ামছে পেশীৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে, যাৰ ফলত থিয় হোৱা, খোজ কঢ়া আৰু ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা হ’ব পাৰে ।
-মাহৰ পিছত মাহ ধৰি মাইক্ৰ’গ্ৰেভিটিত থাকিলে পেশীৰ এট্ৰফি (পেশী দুৰ্বল হোৱা) হ’ব পাৰে ।
-মহাকাশচাৰীসকলে প্ৰায়ে “বেবী ফিট” নামেৰে জনাজাত এটা অৱস্থাৰ সন্মুখীন হয় কাৰণ তেওঁলোকৰ ভৰিৰ কঠিন ছালখন ছিগি যায় আৰু মহাকাশত মাহৰ পিছত মাহ কটোৱাৰ পিছত অতি কোমল হৈ পৰে ।
-ভৰিৰ ছালখন পুনৰ কঠিন হোৱালৈকে খোজ কঢ়াত অসুবিধা হ’ব পাৰে ।
এই সকলোবোৰ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি মহাকাশচাৰীসকলক দীৰ্ঘম্যাদী চিকিৎসা আৰু পুনৰ্বাসনৰ অধীনত ৰখা হয় যাতে তেওঁলোকে ক্ৰমান্বয়ে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰে ।
ট্ৰাম্পে কৰিলে প্ৰশংসা-
নাছাৰ মহাকাশচাৰী বাটছ উইলমোৰ আৰু সুনীতা উইলিয়ামছ উভতি অহাৰ সময়ত হোৱাইট হাউছৰ অফিচিয়েল এক্স একাউণ্টত লিখিছে, ‘প্ৰতিশ্ৰুতি দিয়া হৈছিল, প্ৰতিশ্ৰুতি পালন কৰা হৈছে : ৰাষ্ট্ৰপতি ট্ৰাম্পে মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰীসকলক ৯ মাহৰ বাবে উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । আজি ইলন মাস্ক, স্পেচএক্স আৰু নাছাৰ সহায়ত তেওঁলোকে নিৰাপদে আমেৰিকাৰ উপসাগৰত অৱতৰণ কৰিলে ।’