অৱশেষত ৯ মাহৰ অন্তত পৃথিৱীলৈ উভতি আহিল নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বাটছ উইলমোৰ । ভাৰতীয় সময় অনুসৰি বুধবাৰে (১৯ মাৰ্চ, ২০২৫) পুৱা ৩.৩০ বজাত ফ্ল’ৰিডাৰ উপকূলত নিৰাপদে অৱতৰণ কৰে দুয়োগৰাকী মহাকাশচাৰীয়ে । ১৭ ঘণ্টাৰ যাত্ৰাৰ অন্তত নিৰাপদে পৃথিৱীত অৱতৰণ কৰে দুয়োজন মহাকাশচাৰীয়ে ।
মহাকাশচাৰীকেইজনক কঢ়িয়াই অনা স্পেচএক্স কেপচুল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ওলাই অহাৰ কেইঘণ্টামানৰ পিছতে বুধবাৰে (১৯ মাৰ্চ, ২০২৫) মেক্সিকো উপসাগৰত পেৰাচুটেৰে অৱতৰণ কৰে । ফ্ল’ৰিডাৰ টালাহাছিৰ উপকূলত হয় এই স্প্লেছডাউন । মহাকাশচাৰীসকলৰ অৱতৰণৰ ভিডিঅ’ প্ৰকাশ কৰিছে মহাকাশ সংস্থা নাছাই ।
৫ জুনত মহাকাশলৈ গৈছিল সুনীতা উইলিয়ামছ-
২০২৪ চনৰ ৫ জুনত বয়িং ষ্টাৰলাইনাৰ ক্ৰু কেপচুলত উঠি মহাকাশলৈ ৰাওনা হৈছিল সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাটছ উইলমোৰে । যদিও তেওঁলোকৰ অভিযান মাত্ৰ এসপ্তাহৰ বাবে আছিল, কিন্তু কাৰিকৰী ত্ৰুটিৰ বাবে নাছাই ষ্টাৰলাইনাৰখন খালী কৰি মহাকাশচাৰীসকলক মহাকাশলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল । কাৰিকৰী ত্ৰুটিৰ বাবে তেওঁলোকৰ প্ৰত্যাৱৰ্তন চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হয় ।
ড্ৰেগন মহাকাশযানেৰে উভতিল পৃথিৱীলৈ-
উভতি অহাৰ সময়ত সুনীতা উইলিয়ামছ আৰু বাটছ উইলমোৰৰ সৈতে ক্ৰু-৯ৰ আন দুজন মহাকাশচাৰী নিক হেগ আৰু আলেকজেণ্ডাৰ গ’ৰবুনভো উভতি আহিছে । তেওঁলোক ড্ৰেগন মহাকাশযানত উঠি পৃথিৱীলৈ উভতি আহিছে ।
অৱতৰণৰ পিছত ষ্ট্ৰেচাৰত লৈ যোৱা হ’ল তেওঁলোকক-
মহাকাশৰ পৰা উভতি অহাৰ পিছত সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগীসকলক ষ্ট্ৰেচাৰত লৈ যোৱা হয় । এইটো এক প্ৰকাৰৰ প্ৰট’কল যিটো প্ৰতিজন মহাকাশচাৰীয়ে মানি চলিব লাগে । ইয়াৰ কাৰণ হ’ল মহাকাশচাৰীসকলে মহাকাশৰ পৰা উভতি অহাৰ লগে লগে খোজ কাঢ়িব নোৱাৰে । তেওঁলোকৰ শৰীৰত বহু ধৰণৰ পৰিৱৰ্তন ঘটে । এনে পৰিস্থিতিত নাছাই এই সন্দৰ্ভত কঠোৰ সুৰক্ষা পদ্ধতি গ্ৰহণ কৰে ।