পৃথিৱীৰ পৰা যোৱা সতীৰ্থসকলক দেখি আনন্দত আত্মহাৰা হৈ পৰিল সুনীতা...

পৃথিৱীৰ পৰা যোৱা সতীৰ্থসকলক দেখি আনন্দত আত্মহাৰা হৈ পৰিল সুনীতা… প্ৰশস্ত হ’ল ঘূৰি অহাৰ পথ

দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী বুশ্ব উইলমোৰ আৰু সুনীতা উইলিয়ামছৰ ঠাইত আন মহাকাশচাৰী মোতায়েন কৰিবলৈ এদিন পূৰ্বে ৰাওনা হোৱা স্পেচএক্স মহাকাশযান দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হয় । ইয়াৰ লগে লগে উইলিয়ামছ আৰু উইলমোৰৰ উভতি অহাৰ পথ প্ৰশস্ত হয় । আমেৰিকা, জাপান আৰু

দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী বুশ্ব উইলমোৰ আৰু সুনীতা উইলিয়ামছৰ ঠাইত আন মহাকাশচাৰী মোতায়েন কৰিবলৈ এদিন পূৰ্বে ৰাওনা হোৱা স্পেচএক্স মহাকাশযান দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হয় ।

ইয়াৰ লগে লগে উইলিয়ামছ আৰু উইলমোৰৰ উভতি অহাৰ পথ প্ৰশস্ত হয় । আমেৰিকা, জাপান আৰু ৰাছিয়াক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে চাৰিজন নতুন মহাকাশচাৰী । তেওঁলোকে কেইদিনমান উইলিয়ামছ আৰু উইলমোৰৰ পৰা ষ্টেচনটোৰ বিষয়ে তথ্য লাভ কৰিব ।

অনুমান কৰা হৈছে যে যদি বতৰ অনুকূল হৈ থাকে তেন্তে অহা সপ্তাহত আৱদ্ধ হৈ থকা দুয়োজন মহাকাশচাৰীক ফ্ল’ৰিডাৰ উপকূলৰ ওচৰৰ পানীত অৱতৰণ কৰোৱা হব । উইলমোৰ আৰু উইলিয়ামছে ৫ জুনত কেপ কানাভেৰালৰ পৰা বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত ৰাওনা হৈছিল । দুয়োজনেই মাত্ৰ এসপ্তাহৰ বাবে গৈছিল যদিও মহাকাশযানৰ পৰা হিলিয়ামৰ লিকেজ আৰু আন কাৰিকৰী সমস্যাৰ বাবে প্ৰায় ৯ মাহ ধৰি মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে ।

আমেৰিকাৰ মহাকাশ সংস্থাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা মহাকাশচাৰীৰ নতুন দলটোত নাছাৰ এন্নে মেকলেন আৰু নিকোল আয়াৰ্ছ আছে । দুয়োজনেই মিলিটাৰী পাইলট । তদুপৰি জাপানৰ টাকুয়া অনিছি আৰু ৰাছিয়াৰ কিৰিল পেস্কোভো গৈছে আৰু দুয়োজনেই বিমান কোম্পানীৰ প্ৰাক্তন পাইলট । স্বাভাৱিক সময় বুলি গণ্য কৰা উইলমোৰ আৰু উইলিয়ামছ পৃথিৱীলৈ ঘূৰি অহাৰ পিছত আগন্তুক ছমাহ মহাকাশ কেন্দ্ৰত কটাব চাৰিওজনে ।

শীঘ্ৰেই পৃথিৱীলৈ আহিব সুনীতা-

অনাগত দিনত সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰে মহাকাশ কেন্দ্ৰটোৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য নতুন মহাকাশচাৰীসকলক প্ৰদান কৰিব । চলিত সপ্তাহৰ শেষৰ ফালে তেওঁলোক স্পেচএক্স কেপচুলৰ জৰিয়তে পৃথিৱীলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে । নাছাৰ মতে যদি বতৰ অনুকূল হৈ থাকে তেন্তে বুধবাৰৰ পূৰ্বে স্পেচএক্স কেপচুল মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হৈ ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব ।

শেহতীয়া প্ৰৱন্ধসমূহ