শুকুৰবাৰে ঝাৰখণ্ডৰ গিৰিদিহ জিলাত হোলীৰ শোভাযাত্ৰাৰ সময়ত এক বৃহৎ হুলস্থূল সংঘটিত হৈছিল। গিৰিদিহত দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষত কেইবাজনো লোক আহত হয়।
জানিব পৰা মতে দুই পক্ষৰ মাজত শিল নিক্ষেপ কৰাৰ লগতে কেইবাখনো দোকান আৰু বাহনত অগ্নি সংয়োগ কৰিছিল।
ঘটনাটোৰ খবৰ পোৱাৰ পিছত, আৰক্ষী তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।
এজন আৰক্ষী বিষয়াই কৈছিল যে যথেষ্ট পৰিমাণৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আছে।
বিষয়াজনে জনাইছে যে ঘটনাটো ঘোড়থাম্বাত সংঘটিত হৈছিল যেতিয়া হিন্দু সম্প্ৰদায়ৰ লোক সকলে অঞ্চলটোৰ মাজেৰে হোলীৰ শোভাযাত্ৰা কৰাৰ সময়ত একাংশই তাৰ বিৰোধিতা কৰিছিল।
যাৰ পিছত সংঘৰ্ষ আৰম্ভ হৈছিল আৰু দুয়োপক্ষই শিল নিক্ষেপ কৰিছিল।আৰক্ষীয়ে কৈছে যে তেওঁলোকে দুৰ্বৃত্তক চিনাক্ত কৰিবলৈ কাম কৰি আছে আৰু যিকোনো লোকে পৰিৱেশ ব্যাহত কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।