বেলুচ লিবাৰেচন আৰ্মীয়ে মঙলবাৰে কোৱেটাৰ পৰা পেছাৱাৰলৈ গৈ থকা কৰা জাফৰ এক্সপ্ৰেছ হাইজেক কৰি যাত্ৰীসকলক পণবন্দী কৰে। ইফালে, যোৱা ২৮ ঘণ্টা ধৰি পাক আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আছে।
তাৰ মাজতে জানিব পৰা গৈছে যে পাকিস্তান চৰকাৰে বেলুচিস্তানৰ ৰাজধানী কোৱেটালৈ ২০০ তকৈও অধিক কফিন প্ৰেৰণ কৰিছে।
এই বাতৰিটো প্ৰকাশ হোৱাৰ পিছত, কোৱা হৈছে যে এই সমগ্ৰ ঘটনাটোত মৃত্যুৰ সংখ্যা প্ৰতিবেদিত হোৱাতকৈ বহু বেছি হ’ব পাৰে।
ৰে’ল বিষয়াসকলে নিশ্চিত কৰিছে যে বেলুচিস্তানলৈ প্ৰেৰণ কৰাৰ বাবে ২০০ তকৈও অধিক কফিন কোৱেটালৈ অনা হৈছে।
কোৱা হৈছে যে পাকিস্তানী সেনাই এতিয়ালৈকে সকলো বন্দীক মুক্ত কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু পাকিস্তানে দাবী কৰিছে যে কোৱেটালৈ প্ৰেৰণ কৰা এই কফিনবোৰ প্ৰটোকলৰ অধীনত প্ৰেৰণ কৰা হৈছে, সেয়েহে সেইবোৰ এক ভয়ংকৰ পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰি।
এতিয়ালৈকে ১৫৫ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে আৰু বেলুচ লিবাৰেচন আৰ্মীৰ ২৭ জন সদস্য নিহত হৈছে। অৱশ্যে, ১০০ ৰো অধিক যাত্ৰী এতিয়াও বিএলএ বন্দুকধাৰী সকলৰ জিম্মাত আছে।
বিএলএয়ে দাবী কৰিছিল যে ৩০ জন পাকিস্তানী সৈনিক নিহত হৈছিল কিন্তু এতিয়ালৈকে কোনো পৰিসংখ্যা প্ৰকাশ কৰা হোৱা নাই।
তথ্য অনুসৰি, বিএলএ-য়ে বন্দী কৰি থোৱা জাফাৰ এক্সপ্ৰেছৰ যাত্ৰীসকলৰ মাজত তেওঁলোকৰ আত্মঘাতি বোমাৰুসকলকো ৰাখিছে আৰু তেওঁলোক সকলোৱে আত্মঘাতি জেকেট পিন্ধি আছে, যাৰ ফলত পাকিস্তানী সৈন্যৰ বাবে বন্দীসকলক মুক্ত কৰাটো কঠিন হৈ পৰিছে।
পাকিস্তান চৰকাৰে কৈছে যে তেওঁলোকে এতিয়ালৈকে ১৫৫ জন যাত্ৰীক উদ্ধাৰ কৰিছে। অৱশ্যে, এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি জাৰী কৰা হোৱা নাই।
বেলুচ উগ্ৰপন্থীসকলে পাকিস্তান চৰকাৰক ভাবুকি দিছে যে যদি বেলুচ ৰাজনৈতিক বন্দী, কৰ্মী আৰু সন্ধানহীন লোকসকলক সেনাই ৪৮ ঘণ্টাৰ ভিতৰত মুকলি নকৰে, তেন্তে তেওঁলোকে এটা এটাকৈ বন্দীসকলক হত্যা কৰা আৰম্ভ কৰিব।