যুদ্ধবিৰতিৰ বাবে সন্মতি দিয়াৰ পিছত ইউক্ৰেইনৰ মন্তব্য

‘এতিয়া আমেৰিকাই ৰাছিয়াকো পতিয়ন নিয়াব লাগে’…যুদ্ধবিৰতিৰ বাবে সন্মতি দিয়াৰ পিছত ইউক্ৰেইনৰ মন্তব্য

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে আমেৰিকাই প্ৰস্তাৱ কৰা ৩০ দিনীয়া যুদ্ধবিৰতি চুক্তিক সমৰ্থন জনাইছে যদিও এতিয়া ৰাছিয়াক এই কথাত সন্মতি দিয়াটো আমেৰিকাৰ দায়িত্ব বুলিও কয় । ইউক্ৰেইনে যুদ্ধবিৰতি চুক্তিত সন্মতি দিয়াৰ পিছত জেলেনস্কিৰ এই বক্তব্য প্ৰকাশ পাইছে । ইফালে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনেও যুদ্ধবিৰতি চুক্তিৰ প্ৰস্তাৱক

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে আমেৰিকাই প্ৰস্তাৱ কৰা ৩০ দিনীয়া যুদ্ধবিৰতি চুক্তিক সমৰ্থন জনাইছে যদিও এতিয়া ৰাছিয়াক এই কথাত সন্মতি দিয়াটো আমেৰিকাৰ দায়িত্ব বুলিও কয় । ইউক্ৰেইনে যুদ্ধবিৰতি চুক্তিত সন্মতি দিয়াৰ পিছত জেলেনস্কিৰ এই বক্তব্য প্ৰকাশ পাইছে । ইফালে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনেও যুদ্ধবিৰতি চুক্তিৰ প্ৰস্তাৱক প্ৰশংসা কৰি কয় যে এতিয়া বল ৰাছিয়াৰ পক্ষত আছে ।

যুদ্ধবিৰতি চুক্তিক লৈ কি ক’লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে-

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে যুদ্ধবিৰতি চুক্তিক আদৰণি জনাই কয় যে ‘ইউক্ৰেইনে যুদ্ধবিৰতি চুক্তিক আদৰণি জনাইছে । আমি ইয়াক ইতিবাচকভাৱে লৈছো । আমি এনে পদক্ষেপ ল’বলৈ সাজু । এতিয়া আমেৰিকাই এইটোৰ বাবেও ৰাছিয়াক পতিয়ন নিয়াব লাগে । আমি সাজু আৰু যদি ৰাছিয়াইও সন্মতি দিয়ে তেন্তে যুদ্ধবিৰতিয়ে কাম কৰিব ।

চৌদি আৰৱৰ জেদ্দা চহৰত ইউক্ৰেইন আৰু আমেৰিকাৰ প্ৰতিনিধি দলৰ মাজত আলোচনা হয় । ইউক্ৰেইনৰ ফালৰ পৰা ৰাষ্ট্ৰপতিৰ উপদেষ্টা এণ্ড্ৰি য়েৰমাক, বৈদেশিক মন্ত্ৰী এণ্ড্ৰি ছিবিহা আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰুষ্টাম উমেৰভে আলোচনাত অংশগ্ৰহণ কৰে । আমেৰিকাৰ হৈ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজে এই বৈঠকত অংশগ্ৰহণ কৰে ।

শেহতীয়াকৈ আমেৰিকাই ইউক্ৰেইনক চোৰাংচোৱা তথ্য প্ৰদান কৰা বন্ধ কৰিছিল, এতিয়া যুদ্ধবিৰতি চুক্তিৰ অধীনত ৩০ দিনৰ বাবে আমেৰিকাই পুনৰ ইউক্ৰেইনক চোৰাংচোৱা তথ্য প্ৰদান কৰিব । এতিয়া আমেৰিকাই ৰাছিয়াকো এই যুদ্ধবিৰতি চুক্তিত সন্মতি দিয়াবলৈ চেষ্টা কৰিব । ইউক্ৰেইনেও যুদ্ধবিৰতি চুক্তিত ইউৰোপীয় সংঘক অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে ।

শেহতীয়া প্ৰৱন্ধসমূহ