ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে আমেৰিকাই প্ৰস্তাৱ কৰা ৩০ দিনীয়া যুদ্ধবিৰতি চুক্তিক সমৰ্থন জনাইছে যদিও এতিয়া ৰাছিয়াক এই কথাত সন্মতি দিয়াটো আমেৰিকাৰ দায়িত্ব বুলিও কয় । ইউক্ৰেইনে যুদ্ধবিৰতি চুক্তিত সন্মতি দিয়াৰ পিছত জেলেনস্কিৰ এই বক্তব্য প্ৰকাশ পাইছে । ইফালে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনেও যুদ্ধবিৰতি চুক্তিৰ প্ৰস্তাৱক প্ৰশংসা কৰি কয় যে এতিয়া বল ৰাছিয়াৰ পক্ষত আছে ।
যুদ্ধবিৰতি চুক্তিক লৈ কি ক’লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে-
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে যুদ্ধবিৰতি চুক্তিক আদৰণি জনাই কয় যে ‘ইউক্ৰেইনে যুদ্ধবিৰতি চুক্তিক আদৰণি জনাইছে । আমি ইয়াক ইতিবাচকভাৱে লৈছো । আমি এনে পদক্ষেপ ল’বলৈ সাজু । এতিয়া আমেৰিকাই এইটোৰ বাবেও ৰাছিয়াক পতিয়ন নিয়াব লাগে । আমি সাজু আৰু যদি ৰাছিয়াইও সন্মতি দিয়ে তেন্তে যুদ্ধবিৰতিয়ে কাম কৰিব ।
চৌদি আৰৱৰ জেদ্দা চহৰত ইউক্ৰেইন আৰু আমেৰিকাৰ প্ৰতিনিধি দলৰ মাজত আলোচনা হয় । ইউক্ৰেইনৰ ফালৰ পৰা ৰাষ্ট্ৰপতিৰ উপদেষ্টা এণ্ড্ৰি য়েৰমাক, বৈদেশিক মন্ত্ৰী এণ্ড্ৰি ছিবিহা আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰুষ্টাম উমেৰভে আলোচনাত অংশগ্ৰহণ কৰে । আমেৰিকাৰ হৈ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজে এই বৈঠকত অংশগ্ৰহণ কৰে ।
শেহতীয়াকৈ আমেৰিকাই ইউক্ৰেইনক চোৰাংচোৱা তথ্য প্ৰদান কৰা বন্ধ কৰিছিল, এতিয়া যুদ্ধবিৰতি চুক্তিৰ অধীনত ৩০ দিনৰ বাবে আমেৰিকাই পুনৰ ইউক্ৰেইনক চোৰাংচোৱা তথ্য প্ৰদান কৰিব । এতিয়া আমেৰিকাই ৰাছিয়াকো এই যুদ্ধবিৰতি চুক্তিত সন্মতি দিয়াবলৈ চেষ্টা কৰিব । ইউক্ৰেইনেও যুদ্ধবিৰতি চুক্তিত ইউৰোপীয় সংঘক অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে ।