আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫-ৰ ফাইনেল খেল খনত ভাৰতীয় দলে নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি এক ঐতিহাসিক বিজয় ৰেকৰ্ড কৰে।
প্ৰতিযোগিতাখনত টীম ইণ্ডিয়াৰ অপৰাজিত অভিযান প্ৰত্যক্ষ কৰা হৈছিল, য’ত তেওঁলোকে ৫ খন মেচ খেলিছিল আৰু আটাইকেইখন মেচেই জিকিছিল।
ৰোহিত শৰ্মাৰ অধিনায়কত্বত টীম ইণ্ডিয়াই যি ধৰণে প্ৰদৰ্শন দেখুৱালে যিয়ে সকলোকে গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰিছে।ভাৰতীয় দলটোৱে তেওঁলোকৰ আটাইকেইখন মেচ ডুবাইৰ লেহেম পিটছত খেলিছিল।
য’ত তেওঁলোকে চাৰিখন মেচত লক্ষ্যৰ পিছে পিছে গৈ বিজয় অৰ্জন কৰিছিল।আনকি চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ আগতেই ৰোহিত শৰ্মাৰ অৱসৰ সন্দৰ্ভত আলোচনা হৈছিল, কিন্তু ট্ৰফী জয় কৰাৰ পিছত ৰোহিতে এতিয়া তেওঁৰ বক্তব্যৰে এই সকলো বোৰ বিষয়ৰ অন্ত পেলাইছে।
চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ খিতাপ জয় কৰাৰ পিছত ৰোহিত শৰ্মাই সংবাদমেলত তেওঁৰ অৱসৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত কয় যে তেওঁ এতিয়াও অৱসৰ গ্ৰহণ কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই।
চেম্পিয়নছ ট্ৰফীৰ পিছতে এদিনীয়া ক্ৰিকেটৰ পৰা ৰোহিত শৰ্মাই অৱৰ ল’ব বুলি ক্ৰিকেট জগতত আলোচনা চলিছিল যদিও এই সকলোবোৰ নস্যাৎ কৰিলে অধিনায়কগৰাকীয়ে।
চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখলৰ পিছতে সাংবাদিকৰে হোৱা কথা-বাৰ্তাত এতিয়াই তেওঁ অৱসৰ নলয় বুলি স্পষ্ট কৰি দিয়ে ৰোহিত শৰ্মাই।
ভৱিষ্যতৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে পিছত সেই বিষয়ে সিদ্ধান্ত লোৱা হ’ব, কিন্তু সকলোবোৰ এতিয়াৰ দৰেই অব্যাহত থাকিব।মই এই ট্ৰফীটো দেশবাসীক উৎসৰ্গা কৰিব বিচাৰো কাৰণ সকলোৱে বিচাৰিছিল যে আমি ইয়াক জিকিম।