আমেৰিকাৰ সৈতে শুল্ক যুদ্ধৰ ক্ষেত্ৰত কঠোৰ কানাডা

পিছুৱাই নাযায় ট্ৰুডো… আমেৰিকাৰ সৈতে শুল্ক যুদ্ধৰ ক্ষেত্ৰত কঠোৰ কানাডা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাৰ ওপৰত আৰোপ কৰা শুল্ক কাৰ্যকৰী কৰাৰ লগে লগে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । এতিয়া এইক্ষেত্ৰত আনকি কানাডাৰ প্ৰধানমন্ত্ৰীও পিছুৱাই যাবলৈ সাজু নহয় । কানাডাৰ এজন চৰকাৰী বিষয়াই কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাক শুল্কত কিছু শিথিলতা দিয়াৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাৰ ওপৰত আৰোপ কৰা শুল্ক কাৰ্যকৰী কৰাৰ লগে লগে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । এতিয়া এইক্ষেত্ৰত আনকি কানাডাৰ প্ৰধানমন্ত্ৰীও পিছুৱাই যাবলৈ সাজু নহয় । কানাডাৰ এজন চৰকাৰী বিষয়াই কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাক শুল্কত কিছু শিথিলতা দিয়াৰ কথা বিবেচনা কৰিলেও কানাডাৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিশোধমূলক শুল্ক আৰোপ কৰি থাকিব । লগতে কয় যে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত ফোনযোগে বাৰ্তালাপ হৈছিল ।

কানাডা, মেক্সিকো আৰু চীনৰ ওপৰত মঙলবাৰৰ পৰা কাৰ্যকৰী হ’ল শুল্ক-

উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডা, মেক্সিকো আৰু চীনৰ ওপৰত আৰোপ কৰা আমদানি শুল্ক মঙলবাৰৰ পৰা কাৰ্যকৰী হয় । কানাডা আৰু মেক্সিকোৰ ওপৰত ট্ৰাম্পে ২৫ শতাংশ আমদানি শুল্ক আৰোপ কৰাৰ বিপৰীতে চীনৰ সামগ্ৰীৰ ওপৰত ২০ শতাংশ আমদানি শুল্ক আৰোপ কৰিছে । কিন্তু আমেৰিকাই কানাডাৰ শক্তি সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰি কিছু সকাহ দিবলৈ চেষ্টা কৰিছে ।

আমেৰিকাৰ শুল্কৰ প্ৰতি সঁহাৰি জনাই কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱেও ৩০ বিলিয়ন কানাডিয়ান ডলাৰৰ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰে । ট্ৰুডোৱে কয় যে আমদানি শুল্ক মূৰ্খামি আৰু কানাডাই ইয়াক বিশ্ব ব্যৱসায় সংস্থাত প্ৰত্যাহ্বান জনাব । আমেৰিকায়ো ইংগিত দিছে যে ৰাষ্ট্ৰপতি ট্ৰাম্পে কিছুমান শুল্কত সকাহ দিয়াৰ কথা চিন্তা কৰিছে । অৱশ্যে কানাডাই কঠোৰতাৰ ইংগিত দিছে ।

পিছুৱাই যাবলৈ অস্বীকাৰ কৰে কানাডাই –

কানাডাৰ বিত্তমন্ত্ৰী ডমিনিক লেব্লাংকে কয় যে আমি আৰু শুল্ক হ্ৰাস কৰাৰ কোনো বৈঠকত অংশগ্ৰহণ কৰিব নিবিচাৰো । কানাডাই বিচাৰে শুল্ক সম্পূৰ্ণৰূপে আঁতৰোৱা হওক ।” কানাডাৰ অন্টাৰিঅ’ প্ৰদেশৰ ডাগ ফৰ্ডে কয় যে এইটো “শূন্য শুল্ক বা একো নহয়”। এই সকলোবোৰ আমাৰ দেশৰ পৰা আৰম্ভ হোৱা নাছিল । ৰাষ্ট্ৰপতি ট্ৰাম্পে এই সকলোবোৰ আৰম্ভ কৰিছিল । যদি তেওঁলোকে আমাৰ দেশ আৰু আমাৰ ৰাজ্যৰ বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধ চলাব বিচাৰে তেন্তে আমিও দৃঢ়তাৰে প্ৰস্তুত ।

শেহতীয়া প্ৰৱন্ধসমূহ